Friday, September 30, 2022
HomeNews৬ আগষ্ট,১৯৯৭: যেতিয়া শ্ৰীলংকাই টেষ্টৰ এটা ইনিংছত সংগ্ৰহ কৰিছিল ৯৫২ ৰান, প্ৰতিপক্ষ...

৬ আগষ্ট,১৯৯৭: যেতিয়া শ্ৰীলংকাই টেষ্টৰ এটা ইনিংছত সংগ্ৰহ কৰিছিল ৯৫২ ৰান, প্ৰতিপক্ষ আছিল ভাৰত

অলিম্পিয়া বিশেষ প্ৰতিবেদন

১৯৯৭ চনৰ ৬ আগষ্ট,অৰ্থাৎ আজিৰ দিনটো। টেষ্ট ক্ৰিকেট সাক্ষী হৈ ৰৈছিল এটা অভূতপূৰ্ব অভিলেখৰ। টেষ্টৰ এটা ইনিংছত পাহাৰসদৃশ ৯৫২ ৰান সংগ্ৰহ কৰিছিল শ্ৰীলংকাই। দুৰ্ভাগ্যবশত প্ৰতিপক্ষ আছিল ভাৰত।

সেই সময়ত ভাৰত গৈছিল শ্ৰীলংকা ভ্ৰমণলৈ। সেই ভ্ৰমণ বৰ বেছি ৰোমাঞ্চকৰ নাছিল। দুখন টেষ্টৰ দুয়োখনেই আমীমাংসিত হৈ ৰৈছিল। কিন্তু প্ৰথমখন টেষ্ট ক্ৰিকেট ইতিহাসত চিৰদিনৰ বাবে উল্লেখযোগ্য বিবেচিত হৈ ৰ’ব। বিশেষকৈ আয়োজক শ্ৰীলংকাৰ বাবে।

টেষ্টখন অনুষ্ঠিত হৈছিল শ্ৰীলংকাৰ বিখ্যাত আৰ প্ৰেমাদাসা ষ্টেডিয়ামত। ভাৰতে প্ৰথমে বেটিং কৰি প্রথম ইনিংছত ৮ উইকেটত ৫৩৭ ৰানত ইনিংছ সমাপ্তিৰ ঘোষণা কৰিছিল। ভাৰতৰ হৈ নৱজিৎ সিং সিদ্ধু, অধিনায়ক শচীন টেণ্ডুলকাৰ আৰু মহম্মদ আজাহাৰুদ্দিনে শতক অৰ্জন কৰিছিল।

টেষ্টৰ দ্বিতীয় দিনটোত শ্ৰীলংকা বেটিঙৰ বাবে ক্ৰিজত নামিছিল। ভাৰতৰ বলাৰ নিলেশ কুলকাৰ্নিয়ে তেওঁৰ প্ৰথম বলটোতে শ্ৰীলংকাৰ মাৰ্ভন আটাপাট্টুৰ উইকেট দখল কৰি ভাৰতক এক সুন্দৰ আৰম্ভণি উপহাৰ দিছিল।

কিন্তু ইয়াৰ পাছত কোনোজন ভাৰতীয় বলাৰেই প্ৰভাৱ বিস্তাৰ কৰিবলৈ পৰা নাছিল। শ্ৰীলংকাৰ সনথ জয়সূৰ্য আৰু ৰৌচন মহানামাই ৫৭৬ ৰানৰ যুটীয়ে ভাৰতৰ অংকত আউল লগাই দিলে। তেওঁলোক দুজনে সম্পূৰ্ণ দুটাকৈ দিন ক্ৰিজত থাকি এক অনন্য অভিলেখ গঢ়িছিল। ৫৭৬ ৰানৰ যুটিতো আছিল টেষ্ট ইতিহাসৰ আটাইতকৈ দীঘলীয়া যুটি।

ইনিংছটোত সনথ জয়সূৰ্যই ৩৪০ আৰু ৰৌচনে সংগ্ৰহ কৰিছিল ২২৫ ৰান। তাৰোপৰি অৰবিন্দ ডি ছিলভায়ো যোগ দিছিল ১২৬ ৰান। শ্ৰীলংকাৰ অধিনায়ক ৰানাটুংগা আৰু ২০ বছৰীয়া মাহেলা জয়াবৰ্ধনেৰ পঞ্চম দিনটোত দুটাকৈ অৰ্ধ শতকীয় ইনিংছেৰে শ্ৰীলংকাই সংগ্ৰহ কৰিছিল ৯৫২ ৰানৰ বিশাল স্ক’ৰ।

ভাৰত-শ্ৰীলংকাৰ টেষ্ট মেছখনৰ স্কৰবোৰ্ড

ইয়াৰ আগতে অভেলত ইংলেণ্ডে অষ্ট্ৰেলিয়া বিপক্ষে সংগ্ৰহ কৰা ৯০৩ ৰানেই আছিল টেষ্টৰ এটা ইনিংছত সৰ্বাধিক ৰান। সেয়া আছিল ১৯৩৮ চনৰ কথা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments