Tuesday, October 4, 2022
HomeNewsবিৰল দেশপ্ৰেম: এইজন খেলুৱৈয়ে যেতিয়া চীন-ভাৰত যুদ্ধ পুঁজিলৈ দান দিছিল তিনিটাকৈ অলিম্পিক...

বিৰল দেশপ্ৰেম: এইজন খেলুৱৈয়ে যেতিয়া চীন-ভাৰত যুদ্ধ পুঁজিলৈ দান দিছিল তিনিটাকৈ অলিম্পিক পদক

অলিম্পিয়া বিশেষ লেখা

✍️ পূৰ্ণানন্দ নেওগ

যোৱা ২৫ মে তাৰিখে ভাৰতৰ ক্ৰীড়া ইতিহাসৰ এক নমস্য চৰিত্ৰ, কিম্বদন্তি হকী খেলুৱৈ বলবীৰ সিং জ্যেষ্ঠৰ দেহাৱসান ঘটে। তেওঁৰ মৃত্যুৰ লগে লগে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ এক বৰ্ণিল অধ্যায়ৰ সামৰণি পৰিল। স্বাধীন ভাৰতৰ প্ৰথমখন অলিম্পিকত ভাগ লোৱাই নহয় ভাৰতীয় হকী দলে সেই অলিম্পিকত স্বৰ্ণ কঢ়িয়াই অনালৈ তেওঁৰ যি অৱদান সেয়া সদায় সোণাৱালী আখৰেৰে লিখা ৰ’ব। ইয়াৰ পিছত ক্ৰমে হেইলছিংকী আৰু মেলবৰ্ণ অলিম্পিকতো ভাৰতীয় হকী দলৰ তেওঁ এজন নিৰ্ভৰযোগ্য খেলুৱৈ আছিল। মুঠ তিনিটাকৈ অলিম্পিক পদক জয় কৰিছিল বলবীৰ সিঙে। অৱসৰ লোৱাৰ পিছত তেওঁ ভাৰতীয় দলটোৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰিছিল, য’ত ভাৰতীয় দলে ১৯৭৫ চনৰ বিশ্বকাপৰ খিতাপো দখল কৰিবলৈ সক্ষম হৈছিল।

সম্প্ৰতি স্বদেশপ্ৰেমৰ এক ঢৌ উঠা পৰিলক্ষিত হৈছে।ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত প্ৰায় ২০ জনকৈ সেনা জোৱান শ্বহীদ হোৱাৰ পিছতে দেশত পুনৰ স্বদেশপ্রেমৰ শ্ল’গান প্ৰতিধ্বনিত হৈছে। চীনা সামগ্ৰী বৰ্জনৰ পৰা আৰম্ভ কৰি চাইনীজ ফুড পৰ্যন্ত বর্জনৰ কথা আলোচিত হৈছে কেওঁফালে। দেশপ্ৰেমৰ এনে বহিঃপ্ৰকাশৰ সময়তে আমি বলবীৰ সিঙৰ বিৰল স্বদেশপ্রেমৰ উদাহৰণো ডাঙি নধৰিলে অন্যায় কৰা হ’ব । বলবীৰ সিং জ্যেষ্ঠৰ স্বদেশপ্রেমৰ কথা শুনিলে আপুনি আচৰিত হ’ব লগতে গৌৰৱবোধত আপোনাৰ হৃদয় গদ গদ হ’ব।

সেয়া আছিল ১৯৬২ ৰ চীনা আক্ৰমণৰ সময়ৰ কথা। এক জৰুৰীকালীন পৰিৱেশে বিৰাজ কৰিছিল সেই সময়ছোৱাত। দেশ আৰ্থিক সংকটত পৰিছিল। সেয়ে আহ্বান জনোৱা হৈছিল সকলোকে নিজ সামৰ্থ অনুযায়ী যুদ্ধৰ পুঁজিলৈ দান আগবঢ়াবলৈ। দেশে সন্মুখীন হোৱা তেনে এক অভূতপূৰ্ব পৰিৱেশত বলবীৰ সিঙেও অলপো কুণ্ঠাবোধ নকৰাকৈ তেওঁ অৰ্জন কৰা তিনিটাকৈ অলিম্পিক পদক দান দিছিল।

সেই সময়ত প্ৰতাপ সিং কাইৰণ আছিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী। এদিন বলবীৰ সিঙে তেওঁৰ কাৰ্যালয়লৈ আহি অলিম্পিক পদককেইটা চীন ভাৰত যুদ্ধ পুঁজিলৈ দান আগবঢ়াইছিলহি। মুখ্যমন্ত্ৰীৰ লগতে তাত উপস্থিত সকলো আচৰিত হৈছিল। প্ৰথমে মুখ্যমন্ত্ৰী পদককেইটা ল’বলৈ অস্বীকাৰ কৰিছিল। কিন্তু বলবীৰ সিঙৰ উপৰ্যুপৰি অনুৰোধত পদককেইটা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments