Wednesday, July 6, 2022
HomeNewsটকিঅ' ২০২০: ক'ত, কেনেকৈ উপভোগ কৰিব পাৰিব অসমৰ লাভলীনাৰ খেল?

টকিঅ’ ২০২০: ক’ত, কেনেকৈ উপভোগ কৰিব পাৰিব অসমৰ লাভলীনাৰ খেল?

অলিম্পিয়া প্রতিবেদন

বক্সিঙত ভাৰতৰ সম্ভাৱনা উজ্জল। অতি শক্তিশালী খেলুৱৈৰে গঠিত হৈছে টকিঅ’ অভিমুখী ভাৰতীয় দল। দলটোত ভাৰতৰ হৈ ইয়াৰ পূৰ্বে অলিম্পিক পদকজয়ী বক্সাৰ মেৰীকমৰ লগতে পুৰুষৰ শাখাত আছে বিশ্বৰে শীৰ্ষ ক্ৰমৰ বক্সাৰ অমিত পংগালৰ দৰে খেলুৱৈ। ৫১ কেজি শাখাত মেৰীকম আৰু ৫২ কেজি শাখাত অমিত পংগালৰ সম্ভাৱনাই অধিক। ইয়াৰোপৰি সম্ভাৱনাৰ তালিকাত আছে মনিষ কৌশিক, বিকাশ কৃষণৰ লগতে মহিলাৰ শাখাত পূজা ৰাণীৰ লগতে অসমৰ লাভলীনাৰ দৰে খেলুৱৈৰ নাম। ভাৰতৰ হৈ এইবাৰ ৯ গৰাকীকৈ বক্সাৰে অংশগ্ৰহণ কৰিব টকিঅ’ অলিম্পিকত। দেশৰ আন প্ৰান্তৰ লগতে অসমৰ জনসাধাৰনেও অতি উৎসাহেৰে অপেক্ষা কৰিছে অলিম্পিক আৰম্ভ হোৱালৈ।

প্ৰতিযোগিতাখনত ভাৰতে বক্সিঙত যাত্ৰা আৰম্ভ কৰিব ২৪ তাৰিখে। অৰ্থাৎ অলিম্পিক আৰম্ভ হোৱাৰ এদিন পিছতেই বক্সিঙৰ ৰিঙত নামিব ভাৰতীয় বক্সাৰ। অতি উল্লেখনীয় কথাটো হৈছে যে ভাৰতৰ হৈ প্ৰথমখন বক্সিং খেলত ভাগ ল’ব অসমৰ লাভলীনাই। লাভলীনাৰ খেলখন আৰম্ভ হ’ব ভাৰতীয় সময় অনুসৰি পুৱা ৭:৩০ বজাত। ২৪ তাৰিখত ভাৰতৰ তিনিগৰাকীকৈ খেলুৱৈৰ ভাগ্য নিৰ্ণয় হ’ব অলিম্পিকত। অসমৰ লাভলীনাৰ লগতে সেই দিনা মহিলাৰ লাইটৱেইট শাখাত মেৰীকমৰ উপৰিও পুৰুষৰ শাখাত বিকাশ কৃষানেও অংশ ল’ব। মেচখন ভাৰতীয় দৰ্শকে উপভোগ কৰিব পাৰিব চনী টেন ১ আৰু চনী টেন ২ত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments