অলিম্পিয়া প্ৰতিবেদন
এক অদ্ভুত চৰিত্ৰ। ক্ৰিকেটৰ পথাৰত এনে চৰিত্ৰৰ ব্যক্তি বিৰল। এটাই ইনিংছ। অথচ চৰিত্ৰ ভিন্ন। কালি অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে তেওঁৰ ইনিংছৰ প্ৰথম ২০ টা বলত হয়তো আপুনি টেষ্ট মেচৰ অনুভৱ বিচাৰি পাইছিল। কোন ৰাহুল টেৱাতিয়া? কি খেলিছে এইবোৰ? অধিনায়কৰ চৰম মূৰ্খামী নহয় নে এয়া? কিয় পঠিয়াব লগা হ’ল এই সময়ত এনে এজন খেলুৱৈক? এনে বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল হয়তো আপোনাৰো মনত। কিন্তু, ৰাজস্থান ৰয়েলছৰ ১৭ তম অভাৰত দৃশ্যপট সলনি হ’ল। মেচখনৰ জিৰ’ হ’বলৈ গৈ থকা ৰাহুল টিৱাতিয়া একেটা অভাৰতে হিৰ’লৈ ৰূপান্তৰিত হ’ল। ৱেষ্ট ইণ্ডিজৰ শ্বেলডন কট্রেলৰ এটা অভাৰত পাঁচটাকৈ ছয় কোবাই সকলোকে চমক খুওৱাই নহয় ৰাজস্থানক জয়ৰ কাষলৈ লৈ গ’ল এইগৰাকী হাৰিয়ানাৰ বাওঁহতীয়া বেটছমেনে।
কোন এই ৰাহুল টিৱাতিয়া:
ৰাহুল টিৱাতিয়া হৈছে হাৰিয়ানাৰ এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ। ১৯৯৩চনত হাৰিয়ানাত জন্মগ্ৰহণ কৰা টেৱাতিয়াই ২০১৩ চনত ৰাজ্যখনৰ হৈ ৰঞ্জী ক্ৰিকেটত অভিষেক ঘটায়। এগৰাকী অলৰাউণ্ডাৰ হিচাবে তেওঁ হাৰিয়ানা দলৰ হৈ সাতখনকৈ প্ৰথম শ্ৰেণীৰ খেলত ভাগ লৈছে য’ত তেওঁ ১৯০ ৰাণ কৰাৰ লগতে দখল কৰিছে ১৭টাকৈ উইকেট। টি–২০ৰ বিশেষজ্ঞ খেলুৱৈজনে এইপৰ্যন্ত তেওঁ ৫০খন টি–২০ মেচ খেলিছে।
আই পি এলত ৰাহুল
২০১৪ চনত ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত আত্মপ্ৰকাশ কৰে ৰাহুল টিৱাতিয়াই। আই পি এলত কিংছ ইলেভেন পঞ্জাৱ আৰু দিল্লী ডেয়াৰডেভিলছ দলকো প্ৰতিনিধিত্ব কৰিছিল তেওঁ। আই পি এলত এই পৰ্য্যন্ত ২২ খন মেচত অংশ লৈ তেওঁ ১৭ টা উইকেট দখল কৰাৰ লগতে ১৭৪ ৰান সংগ্ৰহ কৰিছে। যোৱাকালি কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে ৫০ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয় ৰাহুলে