Monday, October 3, 2022
HomeNewsৰাজীৱ গান্ধীৰ নামত কিয় প্ৰদান কৰা হয় খেলৰত্ন?

ৰাজীৱ গান্ধীৰ নামত কিয় প্ৰদান কৰা হয় খেলৰত্ন?

অলিম্পিয়া বিশেষ লেখা

✍️ পূৰ্ণানন্দ নেওগ

সততে এক বিতৰ্কৰ মাজত সোমাই পৰে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নাম। সময়ে সময়ে প্ৰশ্ন উত্থাপন হৈ আহিছে কিয় দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানটি ক্ৰীড়াবিদৰ বিপৰীতে এগৰাকী ৰাজনীতিবিদৰ নামত প্ৰদান কৰা হয়। প্ৰশ্ন উত্থাপন হোৱাটো তেনেই স্বাভাৱিক। এটা ক্ৰীড়া সন্মান হিচাবে খেলুৱৈৰ নামত এই বঁটা প্ৰৱৰ্তন কৰাহেতেঁন প্রশ্ন কৰাৰ অৱকাশো নাথাকিলহেঁতেন। সি যি কি নহওঁক, ৰাজীৱ গান্ধীৰ নামত কিয় এই বঁটা প্ৰৱৰ্তন হ’ল বুলি প্ৰশ্ন কৰাৰ আগতে আমি ভাৰতীয় গণতন্ত্ৰত ৰাজহুৱা সম্পত্তিৰ নামাকৰণৰ অতীজৰে পৰা থকা পৰম্পৰাৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয়।

ভাৰতীয় ৰাজনীতিত ‘নামাকৰণে’ এক বিশেষ স্থান অধিকাৰ কৰি আছে। ৰাজহুৱা সম্পত্তি একোটাৰ কোনো ৰাজনৈতিক নেতাৰ নামেৰে নামাকৰণ কৰাটো ৰাজনীতিৰ এটা অংশ হিচাবেই চিহ্নিত হৈ আহিছে। দেশত দীৰ্ঘকাল ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছে শাসন কৰি থকাৰ বাবে বহু ৰাজহুৱা সম্পত্তি, অনুষ্ঠান-প্ৰতিষ্ঠান কোনো প্ৰাক্তন কংগ্ৰেছী ৰাজনীতিবিদৰ নামতে থকা দেখা যায়। প্ৰধানকৈ জৱাহৰলাল নেহৰু, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী আদিৰ নামতেই আছে সৰহসংখ্যক ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান। শেহতীয়াকৈ বিজেপি দলে দেশৰ শাসনভাৰ হাতত লোৱাৰ পিছত তেওঁলোকৰ মাজতো দেখা পোৱা গৈছে একেই প্ৰৱণতা। তেওঁলোকেও তেওঁলোকৰ দলৰ পুৰোধা ব্যক্তি শ্যামা প্ৰসাদ মুখাৰ্জী, দীন দয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী আদিৰ নামেৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নামাকৰণ কৰিছে। সততে বুজি পোৱা কথা যে ইয়াৰ আঁৰত থাকে প্ৰতিটো দলৰে নিজ আদৰ্শ প্ৰতিষ্ঠাৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা। সেয়ে বহু ক্ষেত্ৰত কোনো এক অনুষ্ঠানৰ সৈতে তেনে ব্যক্তি এজন প্ৰত্যক্ষভাৱে জড়িত নাথাকিলেও তেওঁৰ নামত সেই অনুষ্ঠানটি সমৰ্পিত কৰা হয়। এয়া ভাৰতীয় ৰাজনীতিৰ এক চিনাকি পৰম্পৰা।

ভাৰতত ক্ৰীড়া আৰু ৰাজনীতিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। সেই কথা দিনৰ পোহৰৰ দৰে স্পষ্ট। ভাৰতীয় ক্ৰীড়া সন্থাসমূহৰ ওপৰত চকু ফুৰালেই বুজিব পাৰি সেই কথা। ভাৰতৰ প্ৰায় প্ৰতিটো ক্ৰীড়া সন্থাৰে মূৰব্বীসকল কোনোবা নহয় কোনোবা ৰাজনৈতিক দলৰ নেতা-পালিনেতা। সেয়া লাগিলে বি চি চি আইয়ে হওক অথবা অল ইণ্ডিয়া ফুটবল এছ’চিয়েচনেই হওক অথবা প্ৰতিখন ৰাজ্যৰ ৰাজ্যিক ক্ৰীড়া সন্থা সমূহেই নহওক কিয়। এই সকলোবোৰতে দেখা যায় ৰাজনৈতিক নেতাৰ আধিপত্য। ক্ৰীড়াক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাতো বাস্তৱিক ক্ষেত্ৰত ভাৰতৰ নিচিনা এখন দেশত সম্ভৱ হৈ থকা নাই। বহু ক্ৰীড়াবিদে সেই কথা নিজ মুখে স্বীকাৰো কৰি আহিছে। তাৰ পিছতো অৱশ্যে মুষ্টিমেয় এচামে ৰাজনীতি আৰু ক্ৰীড়াক আজিও পৃথকে চাবলৈ বিচাৰে।

ৰাজীৱ গান্ধী খেলৰত্ন বঁটা সময়ে সময়ে নামটোৰ বাবেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰে। খেলৰত্নৰ দৰে ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান এটা কিয় এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী অথবা ৰাজনীতিবিদৰ নামত হ’ল তাকে লৈ চর্চা আজিও অব্যাহত আছে। উল্লেখযোগ্য যে এই বঁটা প্ৰথমবাৰৰ বাবে ১৯৯১-৯২ চনত প্ৰদান কৰা হৈছিল। বঁটাটো ৰাজীৱ গান্ধীৰ নামত প্রদান কৰাৰ আঁৰত কি কাৰণ থাকিব পাৰে সেই কথা বিচাৰ কৰিলে কেইবাটাও দিশ পোহৰলৈ আহে। তাৰেই এক বাখ্যা তলত আগবঢ়োৱা হ’ল।

ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰা হৈছিল ১৯৯১ চনত। সেই বৰ্ষতে দেশত পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল খেলৰত্ন। কংগ্ৰেছৰ মনত সেই সময়তো সজীৱ হৈ আছিল ৰাজীৱ গান্ধীৰ স্মৃতি। কংগ্ৰেছৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ ইয়াতকৈ উৎকৃষ্ট পন্থা আৰু নাছিল। সেই সুযোগক অথলে যাবলৈ নিদিয়েই বোধ হয় খেলৰত্নক নামাকৰণ কৰা হৈছিল ৰাজীৱ গান্ধীৰ নামেৰে। ইয়াৰ উপৰি, ১৯৮২ চনত দিল্লীত আয়োজিত এছিয়ান গেমছৰ আয়োজক কমিটিৰ সদস্য আছিল ৰাজীৱ গান্ধী। সেই সময়ত দেশৰ প্ৰধান মন্ত্ৰী আছিল ইন্দিৰা গান্ধী। প্ৰধানমন্ত্ৰীৰ পুত্ৰ হিচাবে ৰাজীৱ গান্ধীয়ে লাভ কৰিছিল অবাধ স্বাধীনতা। এছিয়ান গেমছৰ আয়োজনে ৰাজধানী দিল্লীৰ সমগ্ৰ ক্ৰীড়া আন্তঃগাঁথনিলৈ প্ৰভূত পৰিৱৰ্তন কঢ়িয়াই আনিছিল। ৬০ হাজাৰ আসন সম্বলিত নেহৰু ষ্টেডিয়ামো তেতিয়াই নিৰ্মান কৰা হৈছিল। সেই নেহৰু ষ্টেডিয়াম আজিও দেশীয় ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ। তাৰোপৰি, ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়াম, শ্ৰী ফৰ্ট অডিটৰিয়াম, কাৰনি সিং শ্বুটিং ৰেঞ্জ আদি সেই এছিয়ান গেমছৰ আশীৰ্বাদতে স্থাপন হোৱা। কেৱল দুবছৰ সময়তে দিল্লীৰ প্ৰতিচ্ছবি সলনি হৈ পৰিছিল। দিল্লীক এনেদৰে নতুন ৰূপত সজাই পৰাই ক্ৰীড়াৰ ক্ষেত্ৰলৈ বিপুল পৰিৱৰ্তন কঢ়িয়াই অনাত ৰাজীৱ গান্ধীৰো অৱদান যথেষ্ট আছিল। শাসনাধিস্থিত কংগ্ৰেছ দলে তেওঁৰ সেই অৱদানক মান্যতা প্ৰদান কৰি তাক যুগমীয়া কৰি ৰখাৰ বন্দোবস্ত কৰাৰ বাবেই হয়তো খেলৰত্নৰ আগত ৰাজীৱ গান্ধীৰ নামটো সাঙুৰ খাই পৰিল।

কাৰণ যিয়েই নহওঁক, অনুমান কৰিব পাৰি খেল ৰত্ন বঁটাক লৈ ভৱিষ্যতেও নিশ্চয় আলোচনা-বিলোচনা হ’ব। হয়তো পুনৰ ৰাজনীতিৰ হাথিয়াৰ হৈ পৰিব খেলৰত্ন। কিন্তু দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান হিচাবে কোনো কথাই আচলতে ইয়াৰ গৰিমা ম্লান পেলাব নোৱাৰে। যেতিয়ালৈকে যোগ্য ক্ৰীড়াবিদসকলে এই সন্মান লাভ কৰিব তেতিয়ালৈকে এই সন্মানৰ মৰ্যাদা অটুত থাকিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments