Friday, September 30, 2022
HomeNewsঅলিম্পিক কিয় হ’ব লাগে ! বুলমাৰ্কা, ৰিকাকো ইকেৰ সংগ্ৰামৰ কাহিনীৰে

অলিম্পিক কিয় হ’ব লাগে ! বুলমাৰ্কা, ৰিকাকো ইকেৰ সংগ্ৰামৰ কাহিনীৰে

✍️ চিৰঞ্জীৱ শৰ্মা

মহামাৰী কৰোণাৰ ভয়াবহ পৰিস্থিতিৰ মাজত অলিম্পিকৰ কথা ভাবিবই পৰা নাই জাপানৰ জনগনে। বিগত কিছুদিন বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে যিবোৰ বাতৰি প্ৰকাশ পাইছে তাৰ জৰিয়তে এইটো স্পষ্ট যে জাপানৰ ৮০ শতাংশ নাগৰিকেই অলিম্পিক আয়োজনৰ পক্ষত নাই৷ জাপানত কৰোণাৰ ভয়াবহ সংক্ৰমণ৷ ইয়াৰ বাবে টকিঅ’ অলিম্পিক আয়োজনৰ বিৰুদ্ধে দেশখনত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰিছে নাগৰিক সকলে৷ কিন্তু চৰকাৰে টকিঅ’ অলিম্পিক আয়োজনৰ পথত স্থিতি গ্ৰহণ কৰিছে৷ পৰিস্থিতিত টকিঅ’ অলিম্পিক হ’লেও সেয়া যাব জাপানী নাগৰিকৰ মতৰ বিৰুদ্ধে৷ এফালে জাপানী চৰকাৰৰ অলিম্পিক আয়োজনৰ সপক্ষে দৃঢ় স্থিতি আৰু আনফালে জাপানীসকলৰ প্ৰবল বিৰোধিতা “NO OLYMPIC”, ”CANCEL OLYMPIC”.. ৷

মুঠতে নিশ্চিত নহয় টকিঅ’ অলিম্পিক৷ আমাৰ এই লেখা অৱশ্যে অলিম্পিক আয়োজনৰ সমৰ্থন বা বিৰোধিতা কৰাটো নহয়, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ খনৰ বাবে গভীৰ সাধনাৰে বছৰৰ পিছত বছৰ ধৰি প্ৰস্তুতি চলোৱা ক্ৰীড়াবিদ সকলক লৈহে৷ অলিম্পিক সকলো এথলিটৰে সপোন৷ বিশ্ব ক্ৰীড়াংগনৰ এই পীঠস্থানত এবাৰ প্ৰবেশ কৰাৰ বাবে বছৰ পিছত বছৰ ধৰি চলে তেওঁলোকৰ প্ৰস্তুতি, সাধনা ৷ অলিম্পিকত অংশলোৱা নতুবা বিজয় সাব্যস্ত কৰাটোৱে তেওঁলোকৰ জীৱনত এটি নতুন দিগন্তৰ সুচনা কৰে৷এই অলিম্পিকৰ সৈতে জড়িত এটি প্ৰেৰণামূলক ঘটনাৰ বিষয়ে অজি আপোনালোকক জনাব বিচাৰিছো ।

বিশ্ব এথলেটিকছৰ ইতিহাসত সোণালী আখৰেৰে লিখা এটি নাম হৈছে হাছিবা বুলমাৰ্কা৷ দেশৰ গৌৰব আলজেৰিয়াৰ এইগৰাকী কিংবদন্তী দৌৰবিদ৷ প্ৰায় ৩০ বছৰ পূৰ্বে অৰ্থাৎ ১৯৯১ চনত টকিঅ’ অনুষ্ঠিত বিশ্ব এথলেটিকছত ১৫০০ মিটাৰ দৌৰৰ শাখাত স্বৰ্ণজয় কৰি গৰ্বিত কৰিছিল আলজেৰিয়াক৷ পৰিগণিত হৈছিল বিশ্ব এথলেটিকছৰ যিকোনো ইভেণ্টত স্বৰ্ণজয় কৰা প্ৰথমগৰাকী আফ্ৰিকান নাৰী হিচাপে৷ নয়নৰ মণি হৈ পৰিছিল দেশবাসীৰ৷ দেশৰ মাটিত স্বৰ্ণ দিয়াৰ পিছতে তেওঁক দিয়া হৈছিল বিৰোচিত সম্নান৷ বিমান বন্দৰৰ পৰাই সমদল কৰি আদৰি নিয়া হৈছিল গন্তব্য স্থলিলৈ৷ পথৰ দুয়োকাষে ৰৈ জনতাই স্বাগতম জনাইছিল তেওঁক৷ ‘‘বুলমাৰ্কা বুলমাৰ্কা’’ এই নামেৰেই মুখৰিত হৈছিল আলজেৰিয়াৰ আকাশ বতাহ৷

ইয়াৰ পিছৰ সময়ছোৱা অৱশ্যে একেধৰণেৰে নাথাকিল৷ বৰং জীৱন দুৰ্বিসহহে হৈ পৰিল৷ আভ্যন্তৰীণ অস্থিৰতাত জৰ্জৰিত হৈ পৰে আলজেৰিয়া৷ দেশত উৎতথান হয় ইছলামিক মৌলবাদীৰ৷ দেশৰ বাবে বিশ্ব পৰ্যায়ত সফলতা বুটলা বুলমাৰ্কালৈ প্ৰায় প্ৰতিদিনেই আহিবলৈ ল’লে মৃত্যুৰ ভাবুকি৷ কিন্তু অদম্য এই এথলিটে সকলো বাধাৰ মাজতেই চলাই গ’ল অনুশীলন৷ অলিম্পিকত পদক জয়ৰ স্বপ্নই হাতবাউলি দি মতা বুলমাৰ্কাই মৃত্যুৰ ভাবুকিৰ মাজতো আগবাঢ়ি গ’ল লক্ষ্যৰ দিশত৷ ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তো বাৰম্বাৰ মৃত্যুৰ ভাবুকি আহিছিল মৌলবাদীৰ৷ বাৰ্চিলোনা যোৱাৰ পিছতো মৃত্যুৰ ভয়ে পিছ এৰা নাছিল তেওঁৰ৷ প্ৰতিমুহুৰ্ততে মৃত্যুৰ ভাবুকিয়ে খেদি ফুৰিছিল তেওঁক ৷ পৰিস্থিতিত বুলমাৰ্কাৰ বাবে বিশেষভাবে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছিল৷ তেওঁ অনুশীলন চলাওতেওঁ আছিল স্বয়ংক্ৰিয় অস্ত্ৰ -শস্ত্ৰৰে সজ্জিত নিৰাপত্তা বেষ্টনী৷ কিন্তু ভয়, ভাবুকিৰ সকলো বাধা উফৰাই ১৫০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক নিজৰ দখললৈ আনে বুলমাৰ্কাই৷

তেওঁৰ সেইজয় কেৱল এটি পদক দখলেই নহয়, সেয়া আছিল অশুভ শক্তিৰ বিৰুদ্ধে সত্যৰ জয়৷ দৌৰৰ অন্তত জাতীয় সংগীত বজাই ষ্টেডিয়ামত তেওঁক যেতিয়া সোণৰ পদক পিন্ধাই দিয়া হৈছিল তেতিয়া বুলমাৰ্কাৰ দুচকুৰে অনৰ্গল নিগৰিছিল অশ্ৰু৷ সেই চকুলো আছিল-আনন্দৰ, বিজয়ৰ, অশুভ শক্তি বিৰুদ্ধে লাভ কৰা জয়ৰ৷ যদি কোনো পৰিস্থিতি অলিম্পিক বাতিল হ’লহেতেন তেনেহলে হয়তো বুলমাৰ্কাই অশুভ শক্তিক জয় কৰাৰ সেই সুযোগ নেপালেহেতেন৷ বুলমাৰ্কা দৰে হয়তো এনে বহু ঘটনা আছে যাৰ বিষয়ে আমি জ্ঞাত নহয়৷ আচলতে ক্ৰীড়াবিদ সকল কেৱল ক্ৰীড়াবিদেই নহয়৷ তেওঁলোক এখন দেশৰ আশা, আকাংশা আৰু গৰ্বৰ উৎস৷

ৰিকাকো ইকে

বুলমাকাৰ্ৰ সেই প্ৰেৰণাদায়ী বিজয় গাথাৰ লগতে উল্লেখ পৰা যায় জাপানক প্ৰতিভাবান ছুইমাৰ ৰিকাকো ইকেৰ সংগ্ৰামৰ বিষয়ে ৷ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ৰিকাকো দুবছৰ পূৰ্বে আক্ৰান্ত হৈছিল ভয়াবহ ৰোগ লিউকেমিয়াত ৷ ইতিমধ্যে দেশে বিদেশে বহু অভিলেখ স্থাপন কৰিছিল এই জাপানী স্বৰ্ণকন্যাই৷ মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পিছতো প্ৰচণ্ড মনোবল আৰু সাহসেৰে ৰিকাৱে কেৱল মৃত্যুক জয় কৰাই নহয়, তেওঁ এতিয়া প্ৰেৰণাৰ প্ৰতীক৷ তেওঁ প্ৰমাণ কৰিছে মানুহৰ বাবে অসাধ্য একো নাই৷ দৃঢ় সংকল্প আৰু পৰিশ্ৰমৰ জৰিয়তে জীৱনৰ কঠোৰৰ পৰা কঠোৰতম বাধা আৰু সমস্যাক মানুহে জয় কৰিব পাৰে৷ কৰোণা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ বাবে জাপানী নাগৰিকে অলিম্পিক বাতিল কৰাৰ পক্ষে ৰায় দিছে৷ কিন্তু ইয়াৰ মাজতো ইকেই কেৱল মৰণব্যাধিক জয় কৰাই নহয় কঠোৰ অনুশীলন, দৃঢ়তা, মনোবলৰ জৰিয়তে পৃথিৱীৰ এগৰাকী শ্ৰেষ্ঠ সন্তৰবিদ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয় যোগ্যতাখিনিও আহৰণ কৰিছে৷ হয়তো বিভিন্ন বাধাৰ মাজত অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক, অংশগ্ৰহণ কৰিব ৰিকাকোৱে৷ হয়তো জয় কৰিব পদক৷ কিন্তু ৰিকাকোৱে আৰু বুলমাকাৰ্ই সদায়েই প্ৰেৰণা হৈ ৰব বিশ্বৰ লাখ লাখ শোষিত-নিপীড়িত শিশু-মহিলাৰ৷ সেইবাবেই হয়তো অলিম্পিকত হ’ব লাগে ৷ কৰণাৰ বিভিষীকা আঁতৰাই পুনৰ বিশ্বত বাজিব লাগে ক্ৰীড়াযুঁদ্ধৰ দামামা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments