অলিম্পিয়া প্রতিবেদন
আৰম্ভ হ’ল বিশ্বৰেই গ্লেমাৰসৰ্বস্ব ক্ৰিকেট টুৰ্ণামেণ্ট আই পি এল। বিগত বৰ্ষৰ দৰেই দৰ্শকশূণ্য ৰূপত আই পি এল অনুষ্ঠিত হ’লেও দৰ্শকৰ আগ্ৰহ তথা উৎসাহ কোনো গুণে যতি পৰা নাই। সকলোৱে নিজৰ প্রিয় দলৰ মেচসমূহৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।
শুক্ৰবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে। আজি চিজনৰ প্ৰথমখন মেচত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছ।
আই পি এল আৰম্ভ হোৱাৰ লগে লগে দেশৰ অন্য প্ৰান্তৰ ক্ৰিকেট অনুৰাগীৰ সমানে অসমৰো ক্ৰিকেট অনুৰাগীৰ উৎসাহ দুগুণে বৃদ্ধি পোৱা দেখা গৈছে। অসমৰ এনে উৎসাহৰ আঁৰত অৱশ্যে ৰিয়ান পৰাগৰ অংশগ্ৰহণৰ কথাটোও জড়িত হৈ আছে। পূৰ্বৰ দৰেই এইবাৰো ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ গুলপীয়া জাৰ্চিত দেখা পোৱা যাব।
উল্লেখযোগ্য যে,যোৱা মাৰ্চ মাহতেই ৰিয়ানে ৰাজস্থান ৰয়েলছৰ শিবিৰত যোগ দিছিলগৈ। বিগত প্ৰায় এমাহ ধৰি দলটোৰ অনুশীলনত ভাগ লৈছে অসমৰ উদীয়মান ক্ৰিকেটাৰগৰাকীয়ে। অৱশ্যে, শিবিৰত যোগ দিয়াৰ পূৰ্বে অসমৰ খেলুৱৈগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আঘাতৰ সমস্যাৰ বাবেই গৃহ ৰাজ্য অসমৰ হৈ ভাগ ল’ব পৰা নাছিল বহু কেইখন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট মেচত।
১২ মাৰ্চত তেওঁ ৰাজস্থান ৰয়েলছৰ অনুশীলনস্থলীত যোগ দিয়ে যদিও আই পি এলৰ প্ৰথমখন মেচত ভাগ ল’ব পাৰিব নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই মুহূৰ্তত ৰাজ্যৰ সকলো ক্রীড়াপ্ৰেমীয়ে আশা কৰিছে ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ানক সোনকালেই দেখা পোৱাৰ। উল্লেখযোগ্য যে, ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ানে এই পৰ্যন্ত ১৯ খন মেচত ভাগ লৈ ১৩ টা ইনিংছত সংগ্ৰহ কৰিছে ২৪৬ ৰান।