অলিম্পিয়া প্ৰতিবেদন
যুৱ দলৰ খেলুৱৈসকলক অধিক প্ৰতিযোগিতামূলক অভিজ্ঞতা দিবলৈ আৰু গ্ৰাছৰুটছ তথা যুৱ উন্নয়নৰ বাৰ্তা লৈ ২৪ ডিচেম্বৰৰপৰা উজনি অসম ভ্ৰমণ কৰিব গুৱাহাটী চিটী এফচি চমুকৈ জিচিএফচিয়ে ৷
দুলীয়াজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ আতিথ্যত আৰু অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ সহযোগত হ’ব লগা এই ভ্ৰমণকালত জিচিএফচিৰ অনুৰ্ধ ১০, ১৩ আৰু ১৬ দলে উজনি অসমৰ কেইবাটাও শীৰ্ষ একাডেমী তথা ক্লাবৰ সৈতে প্ৰদৰ্শনীমূলক মেচ খেলিব ৷ লগতে জিচিএফচিয়ে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ গ’ল্ডেন বেবী লীগ প্ৰকল্প উজনিত আগবঢ়াই নিয়াৰ বাবেও প্ৰচেষ্টা চলাব ৷
ইতিমধ্যে জিচিএফচিয়ে অসমৰ সৰ্বপ্ৰথম গ’ল্ডেন বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ৰ দুটা ছিজন সমাপ্ত কৰিছে আৰু বেবী লীগ অসম ফুটবল সংস্থাৰ লগতে বিভিন্ন স্থানীয় ক্লাব তথা একাডেমীৰ সহযোগত সমগ্ৰ অসমত বিস্তাৰ কৰাৰ পৰিকল্পনা হাতত লৈছে ৷
ফাউণ্ডেচন ফৰ এডুকেচন স্প’ৰ্টছ এণ্ড হেল্থ (ফেশ্ব)ৰো সহযোগত হ’ব লগা এই ভ্ৰমণকালত জিচিএফচিয়ে দুলীয়াজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ, নাহৰকটীয়া ফুটবল একাডেমী, কাকপথাৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ আৰু নামৰূপ টাউন ক্লাব ফুটবল একাডেমীৰ সৈতে প্ৰদৰ্শনীমূলক মেচত অংশ ল’ব আৰু সকলো মেচৰ স্প’ৰ্টছৰেক্ছযোগে লাইভ ষ্ট্ৰিমিং হ’ব বুলি জিচিএফচিৰ এটা বিবৃতিত প্ৰকাশ ৷