অলিম্পিয়া প্ৰতিবেদন
দেশখনৰ জনসংখ্যা কেৱল ২৫ লাখ। দেশখনত ক্ৰিকেটৰ আন্তঃগাঁথনি বুলিবলৈ আছে মাথোঁ ৯ খন ক্ৰিকেট ফিল্ড, ৫ টাকৈ ক্ৰিকেট ক্লাব আৰু ১৬ জনকৈ ব’র্ডৰ চুক্তিবদ্ধ খেলুৱৈ। কিন্তু ইমানৰ পিছতো এই দেশখনে কৰি দেখুৱালে অসাধ্য সাধন। ইউ এ ইত অনুষ্ঠিত টি-টুৱেন্টি বিশ্বকাপৰ মূল ৰাউণ্ডত প্ৰৱেশ কৰি ইতিহাস সৃষ্টি কৰিছে এই দেশখনে। দেশখনৰ নাম নামিবিয়া। ক্ৰিকেট বিশ্বৰ শিশু স্বৰূপ এই নামিবিয়া।
শুক্ৰবাৰে টি-টুৱেন্টিৰ বিশ্বকাপৰ লীগ পৰ্যায়ৰ এখন মেচত আয়াৰলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ছুপাৰ ১২ ত প্ৰৱেশ কৰে নামিবিয়াই। দলটোৱে ইয়াৰ আগেয়ে ২০০৩ চনৰ এদিনীয়াৰ বিশ্বকাপত অংশ লৈছিল। সেইবাৰ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপত দলটোৱে বৰ বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম নহ’লেও ক্ৰিকেটৰ মানচিত্ৰত এটা চিনাকি নাম হৈ পৰিল নামিবিয়া। বৰ্তমান বিশ্ব টি-টুৱেন্টি ৰেংকিঙত দলটোৰ স্থান ১৬। গ্ৰুপ পৰ্যায়ত দলটোৱে আয়াৰলেণ্ড আৰু নেডাৰলেণ্ডক পৰাস্ত কৰি ছুপাৰ -১২ ত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।