Wednesday, July 6, 2022
HomeNewsপ্ৰাক্তন প্ৰেমিকে অলিম্পিকত পদক জিকাৰ পিছত যুৱতীয়ে ক'লে, 'ব্ৰেক-আপ কৰি ভুল কৰিলোঁ!'

প্ৰাক্তন প্ৰেমিকে অলিম্পিকত পদক জিকাৰ পিছত যুৱতীয়ে ক’লে, ‘ব্ৰেক-আপ কৰি ভুল কৰিলোঁ!’

অলিম্পিয়া প্রতিবেদন

প্ৰেম, বিবাহ, মৃত্যু- এয়া হেনো ভাগ্যৰ লিখন। অদৃষ্টজনেহে হেনো এয়া নিয়ন্ত্ৰণ কৰে। ঠিক সেইদৰে কাৰ কেতিয়া বিচ্ছেদ হৈ যায়, তাৰো কোনো ঠিকনা নাই। সম্পৰ্ক গঢ়া আৰু তাক প্ৰতিপালন কৰাও বৰ সহজ নহয়। বহুতে সেয়ে প্ৰেমৰ সম্পৰ্ক এটাক ধৰি ৰাখিব নোৱাৰি বিচ্ছেদকে মংগলজনক বুলি ভাৱি নিজৰ প্ৰিয়জনৰ পৰা আঁতৰি যায়। কেতিয়াবা বিচ্ছেদৰ তেনে সিদ্ধান্ত সঠিক নহয় বুলি সময়ে প্ৰমাণ কৰে।

কাহিনীটো নিউজিলেণ্ডৰ। নিউজিলেণ্ডৰ এগৰাকী যুৱতীয়ে এসময়ৰ প্ৰেমিকক প্ৰত্যাখান কৰি এতিয়া অনুসূচনাত ভুগিছে। কিয়নো তেওঁৰ এসময়ৰ প্ৰেমিক এতিয়া উজলি উঠিছে ক্রীড়া বিশ্বত। নিউজিলেণ্ডৰ হাইডেন ৱাইল্ডে ট্ৰায়েথলনৰ পুৰুষৰ ব্যক্তিগত শাখাত ব্ৰঞ্জ দখল কৰিবলৈ সক্ষম হয়। হাইডেন ৱাইল্ডৰ এই ঈর্ষণীয় সফলতাই এতিয়া বাৰুকৈয়ে কন্দুৱাইছে হাইডেনৰ এসময়ৰ প্ৰেমিকাক। হাইডেনে অলিম্পিকত পদক বুটলাৰ খবৰ শুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন প্ৰেমিকাই। অনুসূচনাত দগ্ধ প্ৰাক্তন প্ৰেমিকাই অকপটে স্বীকাৰ কৰিছে যে এসময়ৰ প্ৰেমিক হাইডেনৰ সৈতে সম্পৰ্ক ছেদ কৰি তেওঁ ভুল কৰিছে।

পদক জিকাৰ পিছত হাইডেনৰ ঘৰত ভিৰ কৰা তেওঁৰ শুভাকাংক্ষীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ উপস্থিত হৈছিলগৈ সংবাদ মাধ্যমৰ লোক। বিজয়ৰ পিছত হাইডেনলৈ কি বাৰ্তা দিবলৈ ইচ্ছা কৰে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত যুৱতীগৰাকীয়ে কয় যে তোমাৰ সৈতে সম্পৰ্ক ছেদ কৰি মই ভুল কৰিলোঁ। অৱশ্যে প্ৰাক্তন প্ৰেমিকাগৰাকী হাইডেনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments