Monday, October 3, 2022
HomeNewsকনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটত বোকাখাত, ৰেলৱে, নগাঁৱৰ বৃহৎ জয়

কনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটত বোকাখাত, ৰেলৱে, নগাঁৱৰ বৃহৎ জয়

অলিম্পিয়া প্ৰতিবেদন

প্ৰথম কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বৃহস্পতিবাৰৰ মেচত বোকাখাত দলে মৰিগাঁৱৰ বিৰুদ্ধে বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰিছে । জজ ফিল্ডত মৰিগাঁৱে ১৯ অভাৰত মাত্ৰ ৩৪ ৰাণ কৰে । বিপক্ষৰ অৰ্পনা কৰ্মকাৰে ১০ ৰানৰ বিনিময়ত ৭ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত বোকাখাতে মাত্ৰ ৩.১ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ বিজয়ী হয় । বৰ্ষাপাৰাত এন এফ ৰেলৱে দলে মঙলদৈ বিৰুদ্ধে ২৩২ ৰাণত জয়লাভ কৰে । ৰেলৱে দলে ৩০ অভাৰত ১ উইকেটত কৰে ২৭৬ ৰাণ । দলৰ মণিষা দাসে ৭৬ বলত কৰে অপৰাজিত ১৫৩ ৰাণ । কল্পনা চৌতালে কৰে ৫৮ ৰাণ । প্ৰত্যুত্তৰত মঙ্গলদৈয়ে ১৯.১ অভাৰত ৪৪ ৰাণতে ইনিংছ সামৰে । ইফালে আমিনগাঁৱত নগাঁৱে ৬ উইকেটত পৰাস্ত কৰে শিলচৰক । তীব্ৰ প্ৰতিদ্বন্দিতামূলক মেচখনত শিলচৰে ৩০ অভাৰত ১ উইকেটত সংগ্ৰহ কৰে ২১৮ ৰাণ । দলৰ খুচি শৰ্মাই অপৰাজিত ১২৭ ৰাণৰ বৰঙনি যোগায় । কিন্তু হিৰামণি শইকীয়াৰ অনবদ্য ইনিংছৰ সহায়ত নগাঁৱে ২৮ অভাৰত ৪ উইকেটত ২২১ ৰাণ কৰি বিজয়ী হয় । হীৰামণিয়ে ৯৮ টা বলত ১৮১ ৰাণত অপৰাজিত হৈ থাকি দলৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments