Wednesday, October 5, 2022
HomeNewsEvent Newsকনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটৰ ফাইনেলত লখিমপুৰ, ৰেলৱে

কনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটৰ ফাইনেলত লখিমপুৰ, ৰেলৱে

অলিম্পিয়া প্ৰতিবেদন

প্ৰথম কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে লখিমপুৰ আৰু এন এফ ৰেলৱে দলে । শনিবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত ছেমিফাইনেলত লখিমপুৰে নগাঁৱক ১৫৩ ৰাণত পৰাস্ত কৰে । লখিমপুৰে প্ৰথমে বেট ধৰি নিৰ্দ্ধাৰিত ৩০ অভাৰত ৭ উইকেটত সংগ্ৰহ কৰে ২২১ ৰাণ । দলৰ ৰুহিনা পেগুৱে ৭২ টা বলত মাত্ৰ এক ৰাণৰ বাবে শতৰাণৰ পৰা বঞ্চিত হয় । তেওঁৰ উপৰি মাইনি পায়েঙে কৰে ৪৯ ৰাণ । বলিঙত প্ৰতিপক্ষৰ হৈ মনপিয়া দাসে ৩ টা, পূৰ্ণিমা ৰাণী বিশ্বাসে ২ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত নগাঁৱে চুড়ান্ত বেটিং ব্যৰ্থতাৰ পৰিচয় দি ২৩.৩ অভাৰত মাত্ৰ ৬৮ ৰাণত ইনিংছ সামৰে । দলৰ সংগীতা শইকীয়াই ১৮ আৰু হীৰমণি শইকীয়াই ১৩ ৰাণ কৰে । বিজয়ী দলৰ ৰূহিনা পেগুয়ে ৩ টা আৰু নিলাক্ষী বৰাই ২ টা উইকেট দখল কৰে । ইফালে জজ ফিল্ডৰ আন খন ছেমি ফাইনেলত এন এফ ৰেলৱে দলে ৭৫ ৰাণত পৰাস্ত কৰে বোকাখাতক । ৰেলৱে দলে ৩০ অভাৰত ৭ উইকেটত কৰে ১৯৪ ৰাণ । দলৰ কল্পনা চাওঁতালে ৫৭ আৰু জেনেভি পাণ্ডুৱে ৫৫ ৰাণ কৰে। প্ৰতিপক্ষৰ হৈ ২ টাকৈ উইকেট দখল কৰে মাজেদা বেগম আৰু অনামিকা বড়িয়ে । প্ৰত্যুত্তৰত বোকাখাতে নিৰ্ধাৰিত অভাৰত ৯ উইকেটত ১১৯ ৰাণহে কৰে। দলটোৰ অবন্টিকা মুণ্ডাই ৩২ আৰু উমা চেত্ৰীয়ে ৩১ ৰাণ কৰে । বিজয়ী দলৰ মণীষা দাস আৰু নিৰুপমা বড়োৱে ২ টাকৈ উইকেট লাভ কৰে । অহা ২১ ফেব্ৰুৱাৰী, সোমবাৰে আমিনগাঁৱত ৰেলৱে আৰু লখিমপুৰ দলৰ মাজত ফাইনেলখন অনুষ্ঠিত হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments