Monday, October 3, 2022
HomeNewsমহিলাৰ আন্তঃৰাজ্যিক ফুটবল, ৰাজস্থানক ৭ গ'ল অসমৰ,ছানিয়া মাৰাকৰ হেট্ৰিক

মহিলাৰ আন্তঃৰাজ্যিক ফুটবল, ৰাজস্থানক ৭ গ’ল অসমৰ,ছানিয়া মাৰাকৰ হেট্ৰিক

অলিম্পিয়া প্ৰতিবেদন

ছিনিয়ৰ মহিলাৰ আন্তঃ ৰাজ্যিক ফুটবল টুৰ্ণামেণ্টত অসমে জয়েৰে অভিযান আৰম্ভ কৰিছে । কেৰালাৰ কুথুপাৰাম্বা মিউনিচিপেল ষ্টেডিয়ামত আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টখনত অসমে ৰাজস্থানক ৭-০ গলত বিধ্বস্ত কৰে। সোমবাৰৰ মেচখনত গ’ল ৰক্ষক অঞ্জনা শইকীয়াৰ নেতৃত্বাধীন অসম দলৰ হৈ ছানিয়া মাৰাকে হেটত্ৰিক অৰ্জন কৰে । গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়াৰ যোগেদি উজলি উঠা ছানিয়াই অপূৰ্ব দক্ষতা প্ৰদৰ্শন কৰি ক্ৰমে ৫৮, ৬১, ৮১ মিনিটত ক্ৰমাগত গ’ল দি হেটত্ৰিক সম্পূৰ্ণ কৰে ।

দলৰ হৈ তিনি মিনিটত ৰূপালী বড়ো , ৮ মিনিটত মৃদুলা মেচ, ৪৯ মিনিটত সাঞ্জালি কেমপ্ৰায়ে গ’ল দিয়াৰ লগতে খেলৰ সামৰণি হুইচেল পৰাৰ পূৰ্বে চানিলা বসুমতাৰীয়ে আন এটা গ’ল দি ব্যৱধান বৃদ্ধি কৰে। অসমে পৰৱৰ্তী মেচত বুধবাৰে পুৱা ৯.৩০ বজাত বিহাৰৰ মুখামুখি হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments