Friday, September 30, 2022
HomeNewsবিশ্ব দৰবাৰত ১৬ বছৰীয়া এগৰাকী অসম সন্তানৰ সাফল্য

বিশ্ব দৰবাৰত ১৬ বছৰীয়া এগৰাকী অসম সন্তানৰ সাফল্য

অলিম্পিয়া প্ৰতিবেদন

বিশ্ব আৰ্চাৰীত উজলিল অসমৰ সু-সন্তান বিশাল চাংমাই। বিশ্ব যুৱ আৰ্চাৰীত বিশালে দেখুৱালে সাফল্য। দলগত শাখাত দুটাকৈ স্বৰ্ণ আৰু ব্যক্তিগত শাখাত এটা ব্ৰঞ্জৰ পদক লাভেৰে অসমৰ বিশাল চাংমাইৰ বিশেষ সাফল্য। টকিঅ’ অলিম্পিকত লাভলিনা বৰগোহাঁইয়ে অসম তথা ভাৰতৰ ক্ৰীড়া ক্ষেত্রলৈ সুনাম কঢ়িয়াই অনাৰ মাজতে বিশ্ব দৰবাৰত পুনৰবাৰ নান উজ্বললালে যুৱ আৰ্চাৰ বিশাল চাংমাইয়ে। পোলেণ্ডত অনুষ্ঠিত বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত বোকাখাতৰ বিশাল চাংমাইয়ে দেখুৱালে নিজৰ ক্ৰীড়া নৈপূনতা। লগতে বিশালে যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ক্ৰীড়াক্ষেত্রত অসমৰ সম্ভাৱনাৰ বিষয়ে। ইটোৰ পিছত সিটো পদক লাভ কৰি গৈছে অসমৰ বিশালে। ৰিজাৰ্ভ কেডেটৰ টীম ইভেন্টত অমিত আৰু বিকিৰ সৈতে লগ হৈ ফান্সৰ দলটোক ৫-৩ পইণ্টত পৰাস্ত কৰি ভাৰতৰ বাবে স্বৰ্ণ পদক নিশ্চিত কৰে। আনহাতে, বিশ্ব আৰ্চাৰীৰ কেডেট শাখাৰ মিক্স চীনৰ ফাইনেলত অসমৰ বিশাল চাংমাইয়ে তামান্নাৰ সৈতে যুটি বান্ধি ফান্সক পুনৰবাৰ ৬-২ পইন্ট ব্যৱধানত পৰাস্ত কৰে আৰু লাভ কৰে দ্বিতীয়টো স্বৰ্ণ
পদক। ইয়াৰ লগতে তেওঁ ব্যক্তিগত শাখাতো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। বিশালৰ এই সফলতাৰ পাছতেই উৎফুল্লিত অসমৰ ক্ৰীড়াপ্ৰেমী। আনন্দিত অসম আৰ্চাৰী সন্থা। ক্ৰীড়াপ্ৰেমীৰ আশা, এই সম্ভাৱনাপূৰ্ণ যুৱ খেলুৱৈ গৰাকীয়ে ভৱিষ্যতে ভাৰতৰ হৈ অলিম্পিকত খেলাৰ পথ প্ৰশস্ত হওঁক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments