Tuesday, July 5, 2022
HomeNewsআজি বিশ্ব এথলেটিকছ দিৱস: জানো আহক দেশৰ নাম উজলোৱা পাঁচগৰাকী এথলিটৰ বিষয়ে

আজি বিশ্ব এথলেটিকছ দিৱস: জানো আহক দেশৰ নাম উজলোৱা পাঁচগৰাকী এথলিটৰ বিষয়ে

অলিম্পিয়া বিশেষ প্ৰতিবেদন

প্ৰতি বছৰৰ ৭ মে তাৰিখটোক বিশ্ব এথলেটিকছ দিৱস হিচাবে উদযাপন কৰা হয়। ১৯৯৬ চনত ইণ্টাৰনেচনেল এমেচাৰ এথলেটিক ফেডাৰেচন চমুকৈ আই এ এ এফে পোন প্ৰথমে আৰম্ভ কৰিছিল এই বিশেষ দিনটোৰ। ‘এথলিট ফৰ এ বেটাৰ ৱৰ্ল্ড’ শীৰ্ষক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা এই বিশেষ দিনটোৰ উদযাপনৰ আঁৰত আছিল যুৱ চামৰ মাজত এথলেটিকছৰ সজাগতা সৃষ্টি কৰা। আন বছৰৰ দৰে এই বৰ্ষও বিশ্বৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিশ্ব এথলেটিকছ দিৱসৰ। আহকচোন এই বিশেষ দিনটোত আমি জানো ভাৰতৰ কেইগৰাকীমান বিশ্ববিশ্ৰুত এথলিটৰ বিষয়ে, যি বিভিন্ন সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

১) পি টি উষা: এথলেটিকছৰ যেন আন এটা নাম পি টি উষা। পি টি উষা ভাৰতৰ এথলেটিক ক্ষেত্ৰৰ আটাইতকৈ সভ্ৰান্ত নামটো বুলিলেও ভুল কোৱা নহব। ১৯৮৪ চনৰ লছ এঞ্জেলেছ অলিম্পিকত এইগৰাকী দৌৰবিদে সমগ্ৰ ভাৰতবাসীকে উৎসুকতাৰে টিভিৰ সমুখত বহিবলৈ বাধ্য কৰিছিল। ৪০০ মিটাৰ হাৰ্ডলছত সেইবাৰ পি টি উষাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত অৱশ্যে চতুৰ্থ স্থানতে থমকিব লগা হয় পায়লী এক্সপ্ৰেছ নামে খ্যাত এইগৰাকী এথলিটে। এছিয়ান গেমছত নিজৰ কেৰিয়াৰত ১১ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হোৱা পি টি ঊষাই এছিয়ান চেম্পিয়নশ্বিপতো নিজৰ দপদপনি অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল।

) মিলখা সিং: ফ্লায়িং শিখ হিচাবে জনপ্ৰিয় মিলখা সিং ভাৰতীয় এথলেটিকছ ক্ষেত্ৰৰ এটা চিৰস্মৰণীয় নাম। স্বাধীন ভাৰতৰ প্ৰথমটো কমনৱেলথ গেমছৰ পদক লাভ কৰা মিলখা সিঙে ক্ৰমে ১৯৫৬, ১৯৬০ আৰু ১৯৬৪অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰে ১৯৬০ৰ ৰোম অলিম্পিকত মিলখা সিঙৰ প্ৰদৰ্শন সদায়েই চৰ্চাৰ বিষয় হৈ আহিছে। সেইবাৰ পদক জয়ৰ নিচেই কাষ চাপিও থমকিব লগা হৈছিল মিলখা সিং। এছিয়ান গেমছত ৪ টাকৈ স্বৰ্ণ দখল কৰা মিলখা সিং দ্বিধাহীনভাৱে ভাৰতৰ এজন অন্যতম সফল এথলিট।

(৩)নৰ্মান প্ৰিটচাৰ্ড: ১৯০০ চনত তেওঁ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰি ৰূপৰ পদক অৰ্জন কৰে তেওঁ। লগে লগে তেওঁ অলিম্পিকত পদক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হোৱাৰ লগতে প্ৰথমজন এছীয় হোৱাৰো গৌৰৱ অর্জন কৰে। ২০০ মিটাৰ স্প্ৰিন্ট আৰু ২০০ মিটাৰ হাৰ্ডলছত ৰূপৰ পদক লাভ কৰা তেওঁ আছিল এজন ব্ৰিটিছ বংশোতদ্ভৱ। ইতিহাসপ্ৰণেতাসকলে তেওঁক ব্ৰিটিছ হিচাবে গণ্য কৰে যদিও ইণ্টাৰনেচনেল অলিম্পিক কমিটিয়ে কিন্তু তেওঁক ভাৰতীয় হিচাবে স্বীকৃতি প্ৰদান কৰিছে।

(৪) অঞ্জুববী জৰ্জ: ২০০৩ চনত পেৰিছত অনুষ্ঠিত ৱৰ্ল্ড চেম্পিয়নশ্বিপত হাইজাম্পত ব্ৰঞ্জ অর্জন কৰি অঞ্জু ববী জৰ্জে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে, সেয়াই আছিল কোনো ভাৰতীয়ৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথমটো পদক। ২০০৫ৰ বিশ্ব এথলেটিকছত পুনৰ ৰূপৰ পদক দখল কৰে অঞ্জুববীয়ে। পিছত টাতয়ানা কটোভাই ড্ৰাগ পৰীক্ষাত বিফল হোৱাত এই পদকটো স্বৰ্ণলৈ উন্নীত হয়।

(৫)হিমা দাস: ধিং এক্সপ্ৰেছ হিচাবে সমগ্ৰ বিশ্বতে পৰিচিত হিমা দাসে অসমৰ তেনেই এখন ক্ষুদ্ৰ ঠাইৰ পৰা গৈ বিশ্ব এথলেটিকছ ক্ষেত্ৰত জিলিকি উঠিছে। ২০১৮ চনত টেম্পেয়েৰত অনুষ্ঠিত অনুর্ধ২০ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল হিমাই। ইয়াৰ পিছত পুনৰ এছিয়ান গেমছত দুটা স্বৰ্ণসহ তিনিটাকৈ পদক লাভ কৰি বিশ্বৰ ক্রীড়া অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় এইগৰাকী অসম সন্তান। সম্প্ৰতি দেশৰ আগশাৰীৰ এথলিটসকলৰ ভিতৰত অন্যতম হিমা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments