অলিম্পিয়াৰ প্ৰতিবেদন
বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’ল ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধু। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু চাইনীজ টাইপেৰ বিশ্বৰ ১ নং স্থানৰ খেলুৱৈ চিড টাই জু য়িংৰ হাতত ২১-১৭ আৰু ২১-১৩ ত পৰাস্ত হয়।৪২ মিনিট ধৰি খেলা খেল খনত সিন্ধুৱে যুঁজ দিও হাৰ মানিবলৈ বাধ্য হয়।
উল্লেখ্য যে, চাইনীজ টাইপেৰ চিড টাই জু য়িংৰ হাততে টকিঅ’ অলিম্পিকত পি ভি সিন্ধু পৰাস্ত হৈছিল। অলিম্পিকত সিন্ধুক এইগৰাকী খেলুৱৈয়ে ছেমি ফাইনেলত পৰাস্ত কৰিছিল। ইফালে প্ৰতিোগিতাখনৰ পুৰুষ শাখাত ভাৰতৰ প্ৰদৰ্শন আশাব্যঞ্জক। ভাৰতীয় পুৰুষ শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তে প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।কোৱাৰ্টাৰ ফাইনেলত কিদাম্বি শ্ৰীকান্তে নেডাৰলেণ্ডৰ মাৰ্ক ক্লাঝৌক ২১-৮, ২১-৭ ৰ ব্যৱধানত সহজতে পৰাজিত কৰে। খেলখন ২৬ মিনিট ধৰি চলে।
বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে ৪ জন ভাৰতীয় খেলুৱৈয়ে একেলগে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। পিভি সিন্ধু আৰু কিদাম্বি শ্ৰীকান্তৰ উপৰিও, এইচ এছ প্ৰণয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এইচ এছ প্ৰণয়ে দশম স্থানপ্ৰাপ্ত ডেনমাৰ্কৰ ৰাচমুছ গামেকক ১৬-২১, ২১-৮, ২২-২০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে। আনহাতে আন এগৰাকী খেলুৱৈ লক্ষ্য সেনে টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলিষ্ট কেভিন কৰ্ডন অফ গুয়াতেমালাক ২১-১৩, ২১-৮ গ’লত পৰাস্ত কৰি অন্তিম ৮ লৈ অগ্ৰসৰ হৈছে।