Friday, September 30, 2022
HomeNewsটি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ এইজন ক্ৰিকেটাৰ ক'ৰনাৰ বিৰুদ্ধে ৰাজপথত...

টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ এইজন ক্ৰিকেটাৰ ক’ৰনাৰ বিৰুদ্ধে ৰাজপথত নামিছে

olympiasports.in

২০০৭ চনৰ টি-২০ বিশ্বকাপত অন্তিমটো অভাৰত সুন্দৰ বলিং কৰি ভাৰতীয় দলটোক বিজয়ৰ সুৱাদ দিয়া যোগিন্দৰ শৰ্মা এতিয়া ব্যস্ত ক’ৰনাৰ বিৰুদ্ধে যুজঁ দিয়াত। ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা যোগিন্দৰে অৱসৰৰ পিছৰে পৰা হাৰিয়ানা পুলিচৰ ডি এচ পি হিচাপে কৰ্তব্য পালন কৰি আছে।

দেশত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাওন ঘোষণা কৰাৰ লগে লগে দেশৰ সকলো ৰাজ্যৰ আৰক্ষীৰ কৰ্তব্য বৃদ্ধি পালে। কিয়নো দেশৰ একাংশ জনতাই লকডাওনৰ সময়ছোৱাত বাহিৰলৈ ওলাই আহি লকডাওনৰ নিৰ্দেশনা অমান্য কৰাৰ লগতে জনজীৱনলৈ ভয়াবহতা নমাই আনিছে। এনে এক পৰিস্থিতিত যোগিন্দৰে হাৰিয়ানাৰ ৰাজপথত নামি ঘৰৰ বাহিৰলৈ অহা লোকসকলক ভিতৰলৈ যাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। নিজে ৰাজপথত নামি এই কামৰ তদাৰক কৰিছে।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে টুইটাৰত কেইখনমান ফটো আপলোড কৰি লিখিছে প্ৰতিৰোধৰ জৰিয়তেই নিজক ক’ৰনা ভাইৰাছৰ পৰা বচাই চলিব পাৰি। সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু ঘৰত থাকি আমাক সহায় কৰিব লাগিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments