Tuesday, October 4, 2022
HomeNewsমেছি, ৰোণাল্ডো নে নেইমাৰ ? কাটাৰ বিশ্বকাপৰ ৩২ টা দল চূড়ান্ত

মেছি, ৰোণাল্ডো নে নেইমাৰ ? কাটাৰ বিশ্বকাপৰ ৩২ টা দল চূড়ান্ত

অলিম্পিয়া প্ৰতিবেদন

কাউন্ট ডাউন আৰম্ভ হ’ল ফিফা বিশ্বকাপৰ । বিশ্বকাপ ফুটবল বুলিলে সকলো ক্ৰীড়াপ্ৰেমী উৎকণ্ঠিত হৈ থাকে কেইগৰাকীমান তাৰকা খেলুৱৈৰ দুভৰিৰ যাদু চাবলৈ । বিশেষকৈ আৰ্জেন্টিনাৰ লিয়নেল মেছি, ব্ৰাজিলৰ নেইমাৰ , পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ দৰে খেলুৱৈৰ বাবে পাগল সমগ্ৰ ফুটবল বিশ্ব । অৱশেষত উৎকন্ঠাৰ অন্ত পৰিল।
কাটাৰত অহা ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ হ’ব লগা ফিফা বিশ্বকাপ ফুটবলৰ ৩২ টা দল ইতিমধ্যে চূড়ান্ত হৈছে । আৰব বিশ্বত প্ৰথমবাৰৰ বাবে হ’বলগা এই বিশ্বকাপৰ বাবে ৰাজধানী চহৰ দোহা ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে । ক’ৰোনা মহামাৰীৰ বাবে সময়সূচীক লৈ কিছু অচলাৱস্থাই দেখা দিছিল যদিও বৰ্তমান বিশ্ব ফুটবল নিয়ন্ত্ৰক সন্থা ফিফাই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ১ এপ্ৰিলত যোগদানকাৰী মুঠ ৩২ টা দলৰ গ্ৰুপসমূহ চূড়ান্ত হৈছে । অৱশ্যে ৩ টা দলৰ ক্ষেত্ৰত এতিয়াও যোগ্যতা নিৰ্ণয় হ’বলৈ বাকী আছে । লক্ষ্যণীয়ভাবে বিশ্বকাপ ফুটবলত অন্তিমবাৰৰ বাবে কাটাৰত ৩২টা দল থাকিব । পৰৱৰ্তী বিশ্বকাপৰ পৰা বৃদ্ধি পাব দলৰ সংখ্যা । কাৰণ ফিফাৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ২১১খন। বিশ্বৰ ২০০ৰো অধিক ফুটবল খেলা দেশৰ মাজৰ পৰা কেৱল ৩২ খন দেশে বিশ্বকাপত অংশগ্ৰহণ কৰাত বিভিন্ন মহলৰ পৰা আপত্তি দৰ্শোৱা হৈছিল । ফলত ফিফাই বিশ্বকাপত দলৰ সংখ্যা ৪৮ টা লৈ বৃদ্ধি কৰিছে । ইয়াৰ বাবে ২০২৬ বৰ্ষত যুটীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আৰু কানাডাত হ’বলগীয়া বিশ্বকাপ ফুটবলত দলৰ সংখ্যা হ’বগৈ ৪৮ টা । বিশ্বৰ বিভিন্ন দেশত প্ৰতি ৪ বছৰৰ মূৰে মূৰে অনুষ্ঠিত ফিফা বিশ্বকাপ সাধাৰণতে মে -জুন-জুলাই ত অনুষ্ঠিত হয় । কিন্তু গ্ৰীষ্মপ্ৰধান ৰাষ্ট্ৰ হোৱাৰ বাবে কাটাৰত প্ৰথমবাৰলৈ নৱেম্বৰ- ডিচেম্বৰত বিশ্বকাপ ফুটবল আয়োজন কৰা হৈছে । তেল চহকী দেশ কাটাৰে ইতিমধ্যে কেইবাখনো অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰি বিশ্ববাসীক চমকিত কৰিছে । কাটাৰ বিশ্বকাপৰ চূড়ান্ত সূচী অনুসৰি ৩২ টা দলক ৮ টা গ্ৰুপত ভাগ কৰা হৈছে । গ্ৰুপ ‘এ’ ত আছে আয়োজক ৰাষ্ট্ৰ কাটাৰ , ইকুৱেডৰ , ছেনেগাল , নেদাৰলেণ্ড ; গ্ৰুপ ‘বি’ ত আছে ইংলেণ্ড , ইৰাণ , আমেৰিকা যুক্তৰাষ্ট্ৰ , ইউৰোপ প্লে-অফ ; গ্ৰুপ ‘চি’ ত আছে আৰ্জেন্টিনা, ছৌদি আৰব, মেক্সিকো , পোলেণ্ড ; গ্ৰুপ ‘ডি’ ত আছে ফ্ৰান্স , আই চি প্লে-অফ ১ , ডেনমাৰ্ক, টিউনিছিয়া ; গ্ৰুপ ‘ই’ ত আছে স্পেইন , আই চি প্লে -অফ ২ , জাৰ্মানী, জাপান ; ‘এফ’ গ্রুপত আছে বেলজিয়াম, কানাডা , মৰক্কো , ক্রৱেছিয়া ; গ্ৰুপ ‘জি’ ত আছে ব্ৰাজিল , ছাৰ্বিয়া , ছুইজাৰলেণ্ড , কেমেৰুণ ; ‘এইচ’ গ্রুপত আছে পৰ্টুগাল , ঘানা , উৰুগুৱে আৰু কোৰিয়া গণৰাজ্য। লক্ষণীয়ভাবে গ্ৰুপ ‘এফ’ ত অন্তৰ্ভুক্ত কানাডাই ৩৬ বছৰৰ পাছত দ্বিতীয়বাৰলৈ বিশ্বকাপ ফুটবল খেলাৰ বাবে নিৰ্বাচিত হৈছে । ইয়াৰ পূৰ্বে কানাডাই ১৯৮৬ চনত প্ৰথমবাৰ বিশ্বকাপ খেলিছিল । এইবাৰৰ বিশ্বকাপত লক্ষ্যণীয়ভাবে নাথাকিব বহু পৰিচিত নাইজেৰিয়া দল । বিশ্বকাপ ফুটবল বুলি কলেই সকলোৰে মনত এটাই প্ৰশ্নৰ উদ্ৰেক হয় যে ভাৰতে কেতিয়াকৈ বিশ্বকাপ খেলিব ? সম্ভৱতঃ এই প্ৰশ্নৰ উত্তৰ কাৰো হাতত নাই । সেয়েহে ভাৰতৰ অধিকাংশ ক্ৰীড়াপ্ৰেমীয়ে টেলিভিছনৰ পর্দাতে বিশ্বকাপৰ আমেজ ল’বলৈ বাধ্য থাকিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments