Tuesday, August 9, 2022
HomeNewsআজি ট্ৰাম্পে মুকলি কৰিলে পৃথিৱীৰ আটাইতকৈ বিশাল ক্ৰিকেট ষ্টেডিয়ামখন; একেলগে বহিব ১...

আজি ট্ৰাম্পে মুকলি কৰিলে পৃথিৱীৰ আটাইতকৈ বিশাল ক্ৰিকেট ষ্টেডিয়ামখন; একেলগে বহিব ১ লাখ ১০,০০০ হাজাৰ দৰ্শক

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে মুকলি কৰিলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখন। গুজৰাটৰ আহমেদাবাদৰ মোতেৰাত নিৰ্মাণ কৰা হৈছে এই বিশাল ষ্টেডিয়ামখন।

আহমেদাবাদৰ মোতেৰা ষ্টেডিয়াম

আপুনি যদি ষ্টেডিয়ামখন নতুনকৈ নিৰ্মাণ কৰিছে বুলি ভাবিছে তেনে ভুল ভাবিছে। কাৰণ মোতেৰা ষ্টেডিয়ামখন পুনৰ নিৰ্মাণহে কৰা হৈছে। ১৯৮২ চনতে প্ৰথম নিৰ্মাণ কৰি উলিওৱা হৈছিল এই মোতেৰা ষ্টডিয়াম। ইয়াৰ পিছত ২০১৭ চনত এই ষ্টেডিয়ামখনক পুনৰ নিৰ্মাণ কৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম হিচাপে গঢ়ি তোলা হৈছে।

সোতেৰা ষ্টেডিয়ামৰ আটকধুনীয়া দৃশ্য

পূৰ্বৰ এই মোতেৰা ষ্টেডিয়ামখনৰ নাম চৰ্দাৰ পেটেল গুজৰাট ষ্টেডিয়াম আছিল। পুনৰ নিৰ্মাণ কৰাৰ লগতে এই ষ্টেডিয়ামৰ নাম সলনি কৰি চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়াম কৰা হৈছে। গুজৰাট ক্ৰিকেট সন্থাৰ মালিকীস্বত্বত থকা মোতেৰা ষ্টেডিয়ামখনৰ পূৰ্বৰ আসনৰ সংখ্যা আছিল ৪৯,০০০ হাজাৰ। কিন্তু পুনৰ নিৰ্মাণ কৰি এই আসনৰ সংখ্যা ১ লাখ ১০,০০০ হাজাৰলৈ বৃদ্ধি কৰা হৈছে।

সোতেৰা ষ্টেডিয়ামৰ ভিতৰৰ দৃশ্য

মোতেৰা ষ্টেডিয়ামখন পুনৰ নিৰ্মাণৰ নামত প্ৰায় ৮০০ কোটি টকা খৰছ কৰা হৈছে। এই ষ্টেডিয়ামৰ ভিতৰত আছে ৭৬ টাকৈ কৰ্পৰেট বক্স, চাৰিটাকৈ ড্ৰেছিং ৰুম, তিনিখন প্ৰেক্টিছ গ্ৰাউণ্ড, ইন্দৰ প্ৰেক্টিছ পিটছ, ট্ৰেিনিং চেণ্টাৰ। ইয়াৰ উপৰিও ষ্টেডিয়ামৰ ভিতৰত থাকিব চুইমিং পুল, বেডমিণ্টন আৰু টেনিছ ক’ৰ্ট, স্কোৱাছ এৰেনা, টেবুল টেনিছ এৰেনা আদি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments