মীৰাবাই চানুৰ বিশ্ব অভিলেখ!!

অলিম্পিয়া প্রতিবেদন

অলিম্পিকৰ প্রাকমুহূৰ্তত ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে কঢ়িয়াই আনিছে আশাৰ খবৰ। শনিবাৰে ঐতিহাসিক চহৰ তাচখণ্ডত অনুষ্ঠিত এছিয়ান ৱেইটলিফটিং চেম্পিয়নশ্বিপত মহিলাৰ ৪৯ শাখাত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতৰ ভাৰত্তোলকগৰাকীয়ে।

চানুয়ে ১১৯ কেজি উত্তোলনৰে মহিলাৰ ৪৯ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্ক ইভেন্টত এই অভিলেখ গঢ়ে। ইপিনে, ৮৬ কেজি স্নেটছ আৰু ১১৯ কেজি ক্লিন এণ্ড জাৰ্ক শাখাত সৰ্বমুঠ ২০৫ কেজি উত্তোলন কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখো গঢ়ে চানুই। ইয়াৰ পূৰ্বে এই শাখাত চানুৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০৩ কিলোগ্ৰাম। যোৱা বছৰ ফেব্ৰুৱাৰিত কলকাতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অৰ্জন কৰিছিল তেওঁ এই প্ৰদৰ্শন আগবঢ়াইছিল।

তেওঁৰ এই সাফল্যৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁক অভিনন্দন জনায় কেন্দ্ৰীয় ক্রীড়ামন্ত্ৰী কিৰেণ ৰিজুজুই। প্ৰত্যুত্তৰত তেওঁৰ এই সাফল্যৰ বাবে কেন্দ্ৰীয় ক্রীড়ামন্ত্ৰী কিৰেণ ৰিজুজুক ধন্যবাদ জ্ঞাপন কৰে চানুই। ইপিনে, দেশৰ আন এগৰাকী ভাৰত্তোলক সতীশ কুমাৰেও চানুক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *