Tuesday, October 4, 2022
HomeNewsদিল্লীত পেৰালিম্পিয়ানক সম্বৰ্ধনা জনালে বিশ্ব মহিলা সন্থাই

দিল্লীত পেৰালিম্পিয়ানক সম্বৰ্ধনা জনালে বিশ্ব মহিলা সন্থাই

অলিম্পিয়া প্ৰতিবেদন

সদ্যসমাপ্ত টকিঅ’ পেৰালিম্পিকত ভাৰতীয় পেৰা খেলুৱৈসকলৰ চমকপ্ৰদ প্ৰৰ্দশনত গৌৰৱান্বিত ভাৰতবাসী। ১৯ টাকৈ পদক অৰ্জনেৰে এইসকল পেৰালিম্পয়ানে গঢ়িলে স্বৰ্ণীল ইতিহাস। এইসকল ক্ৰীড়াক্ষেত্রৰ নায়কক স্বদেশত বিভিন্ন সময়ত বিভিন্ন জনে জনাইছে শুভেচ্ছা। বিশ্ব দৰবাৰত ভাৰতৰ বিজয় ধ্বজ্জা উৰুৱা এইসকল পেৰালিম্পিয়ানক দেশৰ প্ৰধানমন্ত্ৰী, ক্ৰীড়ামন্ত্রীকে আদি কৰি ক্ৰীড়াপ্ৰেমী ৰাইজে যাচিছে অযুত শুভকামনা।বিশেষভাৱে সক্ষম হৈও তেওঁলোকৰ অদম্য সাহস আৰু ক্ৰীড়া প্ৰৰ্দশনক চেল্যুট জনাইছে দেশবাসীয়ে।


শেষতীয়াকৈ দিল্লীত ৱাল্ড ৱমেন সন্থায়ে দেশৰ ৯ গৰাকী পেৰালিম্পিয়ানক জনালে শুভেচ্ছা। দেওবাৰে দিল্লীৰ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকিল টকিঅ’ত পদকপ্ৰাপ্ত তথা অংশ লোৱা পেৰালিম্পিয়ান, প্ৰশিক্ষক আৰু পেৰালিম্পিয়ানৰ অভিভাৱকসকল। ইয়াৰ ভিতৰত স্বৰ্ণজয়ী সিংঘৰাজ ,ৰূপ তথা ব্ৰঞ্জজয়ী দিপেন্দ্ৰৰ সিঙ, ৰূপজয়ী প্ৰবীণ কুমাৰ, পেৰালিম্পিয়ান কশিছ লাকৰা ৰুবিনা ফেন্সিচ, ৰাহুল ঝাকাৰ আদি অন্যতম। ইয়াৰোপৰি প্ৰশিক্ষক বিবেক চাইনি উপস্থিত থাকে উক্ত অনুষ্ঠানত। সামাজিক, ন্যায়, সমতা আৰু সৱলীকৰণৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি পেৰালিম্পিয়ানসকলক শুভেচ্ছা জ্ঞাপন কৰে ।


উল্লেখযোগ্য যে এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল অসমৰ ক্ৰীড়া সংগঠক তথা ৱৰ্ল্ড ৱ’মেন অৰগেনাইজেচন অধ্যক্ষা ড০ আচমা বেগম।পেৰালিম্পিয়ানসকলক সম্বৰ্ধনা জ্ঞাপন কৰি প্ৰকাশ কৰিলে মনোভাৱ। ৱৰ্ল্ড ৱ’মেন অৰগেনাইজেচন এই পদক্ষেপক শলাগিছে দেশৰ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীয়ে। সকলোৱে আশা কৰিব পেৰা খেলুৱৈ সকলৰ মনৰ দৃঢ়তা অটুট থাকক। আগন্তুক দিনত এইসকল খেলুৱৈ ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্বক্ৰীড়াত ৰচক এটাৰ পাছত আনটো ইতিহাস । ক্ৰীড়াৰ পৃথিৱীত অপ্ৰতিৰোধ্য হওক পেৰালিম্পিয়ানসকল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments