Friday, September 30, 2022
HomeNewsগ্ৰেগ চেপেলৰ কাৰ্যকাল আছিল ভাৰতীয় ক্ৰিকেটৰ অন্ধকাৰ যুগ: হৰভজন সিং

গ্ৰেগ চেপেলৰ কাৰ্যকাল আছিল ভাৰতীয় ক্ৰিকেটৰ অন্ধকাৰ যুগ: হৰভজন সিং

অলিম্পিয়া বাৰ্তা

প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলৰ সময়ছোৱাক ভাৰতীয় ক্ৰিকেটৰ অন্ধকাৰ যুগ বুলি অভিহিত কৰিছে।


শেহতীয়াকৈ গ্ৰেগ চেপেলে প্লে ৰাইট ফাউণ্ডেচন নামৰ এটা সংস্থাৰ সৈতে ফেচবুকৰ জৰিয়তে হোৱা এক সাক্ষাৎকাৰত ধোনীৰ কেৰিয়াৰত তেওঁৰ অৱদানৰ বিষয়ে কৰা মন্তব্য সম্পৰ্কত টিপ্পনী প্ৰদান কৰি হৰভজন সিঙে কয় যে গ্ৰেগ চেপেলৰ সময়ছোৱা আছিল ভাৰতীয় ক্ৰিকেটৰ অন্ধকাৰ সময়।

সাক্ষ্যৎকাৰটোত গ্ৰেগ চেপেলে প্ৰকাশ কৰিছিল কেনেকৈ তেওঁ ধোনীক শ্বট নিৰ্বাচনৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰিছিল। “ধোনীৰ সকলোবোৰ শ্বট বাউণ্ডেৰীৰ ওপৰেৰে মাৰি পঠিওৱা অভ্যাসটো মই তেওঁক ত্যাগ কৰিবলৈ পৰামৰ্শ দিছিলোঁ।” চেপেলে কয় লাইভ অনুষ্ঠানটোত। লগতে তেওঁ ব্যক্ত কৰে যে তেওঁৱেই ধোনীক খেল এখনৰ শেষলৈ থাকি ‘মেচ ফিনিচাৰ’ হোৱাৰ বাবে প্ৰত্যাহ্বান জনাইছিল।

তেওঁৰ মন্তব্যৰ ওপৰত টিপ্পনী ৰাখি হৰভজন সিঙে কয় যে যি সময়ত চেপেলে ধোনীক বাউণ্ডেৰী মাৰি খেলিবলৈ বাধা দিছিল, সেই সময়ত প্ৰশিক্ষকজনে সকলোকে বাউণ্ডেৰীৰ সিপাৰ পোৱাইছিলগৈ। সেই সময়ত তেওঁ এখন বেলেগ খেল খেলি আছিল।

মূলতঃ সেই সময়ত চেপেলে প্ৰশিক্ষণৰ ভাৰ লৈ বহুকেইজন ভাৰতীয় ক্ৰিকেটাৰক দলৰ পৰা উলিয়াই দিয়াৰ কথাকেই এনেদৰে ব্যঙ্গ কৰি প্ৰকাশ কৰে হৰভজনে। টুইটাৰত উল্লেখ কৰা এই মন্তব্যৰ তলত হৰভজনে worst days of indian cricket under greg শীৰ্ষক হেছ টেগো সংলগ্ন কৰি দিয়ে।

হৰভজন সিঙৰ টুইটটো
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments