Monday, October 3, 2022
HomeNewsপ্ৰাক্তন প্ৰধানমন্ত্ৰী কিয়? খেলুৱৈৰ নামত কিয় দিয়া নহয় খেলৰত্ন বঁটা; প্ৰশ্ন তুলিলে...

প্ৰাক্তন প্ৰধানমন্ত্ৰী কিয়? খেলুৱৈৰ নামত কিয় দিয়া নহয় খেলৰত্ন বঁটা; প্ৰশ্ন তুলিলে মল্লযুঁজাৰু ববিতা ফ’গাতে

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় তাৰকা মল্লযুঁজাৰু ববিতা ফগতে এইবাৰ প্ৰশ্ন তুলিছে সন্মানীয় খেলৰত্ন বঁটাক লৈ। তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত থকা এই বঁটাৰ নাম সলনি কৰি কোনোবা প্ৰখ্যাত খেলুৱৈৰ নামেৰে নামাংকিত কৰাৰ দাবী উত্থাপন কৰিছে।

তেওঁ কয় যে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা এগৰাকী খেলুৱৈৰ নামত প্ৰদান কৰিব লাগে, প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নামত নহয়।

উল্লেখযোগ্য যে এই বঁটা ১৯৯১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ পিছতে প্ৰৱৰ্তন কৰা হৈছিল।

খেলৰত্ন বঁটা ৰাজীৱ গান্ধীৰ নামত দিয়া হয়। ইয়াৰ বিপৰীতে যদি এই সন্মান কোনো এজন প্ৰাক্তন খেলুৱৈৰ নামত দিয়া হ’লহেঁতেন,আমি বেছিকৈ গৌৰৱ অনুভৱ কৰিলোঁহেঁতেন। আমাৰ দেশত অলিম্পিক মেডেলিষ্ট আৰু বিশ্ব চেম্পিয়নৰ অভাৱ নাই। তেনে খেলুৱৈৰ নামত বঁটাটো প্ৰদান কৰিলে বঁটা লাভ কৰাজনেও অনুপ্ৰেৰণা লাভ কৰিব।”সংবাদ প্ৰতিষ্ঠান এন এ আইক এইদৰে কয় খেলুৱৈগৰাকীয়ে।

উল্লেখযোগ্য, খেলৰত্ন বঁটাৰ নাম সলনিৰ বাবে এইবাৰেই প্ৰথম দাবী উত্থাপন হোৱা নাই। সময়ে সময়ে এই দাবী উত্থাপন হৈ আহিছে। বহুজনে বঁটাটো হকীৰ যাদুকৰ ধ্যানচান্দৰ নামত হোৱাটোও কামনা কৰে।

উল্লেখযোগ্য যে এইবাৰ এই বঁটা লাভ কৰা পাঁচগৰাকী খেলুৱৈৰ ভিতৰত ববিতাৰ ভগ্নী বিনেশ ফগতো আছে। কৰোনা মহামাৰীৰ বাবে ২০২০ বৰ্ষৰ ক্ৰীড়া বঁটাসমূহ ভাৰ্চুৱেল পদ্ধতিৰে প্ৰদান কৰা হয়। যোৱা ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এই বঁটাসমূহ প্ৰদান কৰা হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments