Tuesday, October 4, 2022
HomeNewsঅৰ্জুন বঁটাৰে সন্মানিত এগৰাকী মল্লযুঁজাৰুৰ ঠিকনা তিহাৰ জেল

অৰ্জুন বঁটাৰে সন্মানিত এগৰাকী মল্লযুঁজাৰুৰ ঠিকনা তিহাৰ জেল

অলিম্পিয়া প্ৰতিবেদন

বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ অলিম্পিকত দুবাৰকৈ পদক জয় কৰি দেশমাতৃক গৌৰৱান্বিত কৰিছে তেওঁ । দেশৰ সন্মানীয় অৰ্জুন বঁটা তেওঁৰ শিৰত । ভাৰত মাতৃক বিশ্ব দৰবাৰত নিজৰ প্ৰতিভাৰে জিলিকাবলৈ সক্ষম হোৱা এই গৰাকী মল্লযুঁজাৰু খেলুৱৈ হৈছে সুশীল কুমাৰ । এই খেলুৱৈ জনৰ বৰ্তমান ঠিকনা সুকীয়া । জাতীয় মল্লযুঁজ‍ চেম্পিয়ন সাগৰ ৰাণা ধনকড়ক হত্যাৰ অভিযোগত যোৱা বছৰৰ জুন মাহৰ পৰা দেশৰ বিখ্যাত বা আন অৰ্থত কুখ্যাত তিহাৰ জেলত বন্দিত্বৰে জীৱন কটাইছে এইগৰাকী সুশীল কুমাৰে । এয়া হৈছে জীৱনৰ আনন্দ আৰু বিষাদৰ এক পৰিক্ৰমা । তথাপি মনোবল হেৰুৱাই দিয়া নাই এই গৰাকী খেলুৱৈয়ে । নিজৰ শৰীৰৰ প্ৰতি গুৰুত্ব আৰোপ কৰি দৈনন্দিন শৰীৰ চৰ্চাত ব্যস্ত সুশীল কুমাৰ । তিহাৰ জেলত বিগত সময়ত কোভিদৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বহু নিষেধাজ্ঞা জাৰী কৰা হৈছিল । বৰ্তমান সময়ত কোভিডৰ ভয়াৱহতা কিছু হ্ৰাস পোৱাত জেল কৰ্তৃপক্ষ‌ই কয়েদীসকলৰ শৰীৰ চৰ্চাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে । কয়েদীসকলৰ শৰীৰ চৰ্চা প্ৰশিক্ষণৰ বাবে জেল কৰ্তৃপক্ষ‌ই সুশীল কুমাৰক দায়িত্ব অৰ্পণ কৰিছে । জেল অধিকাৰীয়ে জনোৱা মতে অৱসাদ দূৰ কৰাৰ বাবে কয়েদীসকলে সুশীল কুমাৰৰ পৰা শৰীৰ চৰ্চা আৰু মল্লযুঁজ‍ৰ প্ৰশিক্ষণ ল’ব পাৰিব । বন্দিত্বৰ মাজতো এই যোগাত্মক বাৰ্তাই কয়েদীসকলক উৎফুল্লিত কৰিছে । তিহাৰ জেলত বৰ্তমান সুশীল কুমাৰৰ প্ৰশিক্ষণত চলিছে শৰীৰ চৰ্চা আৰু মল্লযুঁজ‍ৰ দুৰ্বাৰ বতাহ । আৱদ্ধময় জীৱনত এই বাৰ্তাই কয়েদীসকলৰ লগতে সুশীল কুমাৰৰো মনোবল বঢ়াব বুলি আশাবাদী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments