Monday, October 3, 2022
HomeNewsনগাঁও জিলা ৰেষ্টলিং সন্থাৰ নতুন সমিতি গঠন

নগাঁও জিলা ৰেষ্টলিং সন্থাৰ নতুন সমিতি গঠন

দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও চহৰৰ অসম ৰাজ্যিক পৰিবহন নিগম (এ.এছ.টি.ছি)ধাবাৰ সভাকক্ষত নগাঁও জিলা ৰেষ্টলিং সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়াৰ সভাপতিত্বত বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত সাধাৰন সভাত আগন্তুক কাৰ্যকালৰ বাবে নগাঁও জিলা ৰেষ্টলিং সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতখন গঠন কৰা হৈছে । ক্ৰীড়া সংগঠক উজ্জ্বল বৰুৱাক সভাপতি, আদিলুৰ ৰহমান, সমীৰ হাজৰিকা,গৌতম বৰুৱা, মৌচম দাসক উপ সভাপতি, গৌৰাংগ ৰয়ক সাধাৰন সম্পাদক, তাপস ভাৱালক কোষাধ্যক্ষ, নৱজ্যোতি বৰুৱা, জোনমণি দাস, অজয় কুমাৰ সিং, বিপ্লৱ কোঁৱৰক যুটীয়া সম্পাদক, ৰামনাৰায়ণ প্ৰসাদ, দীপক সাহা, মৃনাল কুমাৰ হাজৰিকা আৰু বিষ্ণু বৰাক কাৰ্যকৰী সদস্যৰূপেলৈ ৰেষ্টলিঙৰ জিলা কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় । আনহাতে, প্ৰবীন ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতিক মুখ্য উপদেষ্টা, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ হাজৰিকা, সুন্দৰ নেওগ, মানসপ্ৰতিম দাস আৰু জ্যোতিনাৰায়ণ শইকীয়াক উপদেষ্টাৰূপে সভাই মনোনীত কৰে ।উল্লেখ্য যে,সভাখনত অসম ৰেষ্টলিং সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক সুন্দৰ নেওগ, ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ হাজৰিকা, অসম ৰেষ্টলিং সন্থাৰ কাৰ্যকৰী সভাপতি উজ্বল বৰুৱা, নগাঁও জিলা ক্ৰীড়া বিষয়া মানসপ্ৰতিম দাস, ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, আদিলুৰ ৰহমান, গৌৰাংগ ৰয়, জোনমণি দাস, ফিজেছ আহমেদ, শশাংক শৰ্মা বৰুৱা, ৰিংকুমনি বৰা, দিগন্ত বৰা, প্ৰান্তৰ ভট্টাচাৰ্য, গৌতম বৰুৱা আদিয়ে জিলাখনত ৰেষ্টলিং খেলবিধৰ প্ৰসাৰতাৰ ওপৰত বিস্তাৰিত আলোকপাতৰে বক্তব্য ৰাখে । এই সভাতে কাছমাৰী অঞ্চলৰ বিপ্লৱ কোঁৱৰ আৰু ৰহাৰ জোনমণি দাস আদিক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক অসম ৰেষ্টলিং সন্থাৰ সাধাৰণ সভাখন নগাঁৱত আয়োজন কৰিবলৈ অনুৰোধ জনোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে । তদুপৰি জিলাখনৰ গ্ৰামাঞ্চলসমূহত শীঘ্ৰে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিবৰ বাবে নতুন সমিতিখনক পদক্ষেপ ল’বলৈ আহ্বান জনায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments