Tuesday, October 4, 2022
HomeNewsৰাছিয়াত উপস্থিত অসমৰ ৩ উশ্বু খেলুৱৈ

ৰাছিয়াত উপস্থিত অসমৰ ৩ উশ্বু খেলুৱৈ

অলিম্পিয়া প্ৰতিবেদন

অসমৰ তিনিগৰাকী প্ৰতিভাবান উশ্বু খেলুৱৈয়ে এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ৰাছিয়াৰ মস্কো চহৰত উপস্থিত হৈছেগৈ । মস্কো উশ্বু ষ্টাৰছ চেম্পিয়নশ্বিপ ২২-২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছে । অসম উশ্বু সন্থাৰ খেলুৱৈ তিনিগৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে । মস্কো চহৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতৰ ৬১ গৰাকী খেলুৱৈ তথা কৰ্মকৰ্তাই অংশগ্ৰহণ কৰিছে । ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰা অসমৰ খেলুৱৈ কেইগৰাকী হ’ল– ছিনিয়ৰৰ ছানমা ব্ৰহ্ম, জুনিয়ৰৰ চিৰঞ্জিত বড়ো আৰু কাশ্যপী সোণোৱাল । ইয়াৰে ছানমা হ’ল কোকৰাঝাৰ কলেজৰ স্নাতক মহলাৰ ছাত্ৰ আৰু ইতিপূৰ্বে তেওঁ ২০১৬ চনত বুলগেৰিয়া তথা ২০১৯ চনত উশ্বু বিশ্ব চেম্পিয়নশ্বিপত অংশ লৈছিল । তেওঁ টাইচিকোৱান আৰু টাইচিজিয়ান শাখাত খেলিব । নাৰেংগী আৰ্মি পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ চিৰঞ্জিত বড়োৱে নানকোৱান, নানদাও, নানগুন শাখাত আৰু ডিব্ৰুগড়ৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী কাশ্যপীয়ে চানকোৱান, জিয়ানশ্বু আৰু কুইয়ানশ্বু শাখাত প্ৰতিদ্বন্দিতা কৰিব । খেলুৱৈ কেইগৰাকীৰ অহা-যোৱাৰ সম্পূৰ্ণ ব্যয় বহন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া বিভাগে । এই বাতৰি প্ৰেৰণ কৰিছে অসম উশ্বু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োৱে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments