Sunday, October 2, 2022
HomeNewsৰাষ্ট্রীয় ছাব জুনিয়ৰ উশ্বুত অসমৰ ৫ টা সোণসহ ১৭ টা পদক...

ৰাষ্ট্রীয় ছাব জুনিয়ৰ উশ্বুত অসমৰ ৫ টা সোণসহ ১৭ টা পদক জয়

অলিম্পিয়া প্ৰতিবেদন

তামিলনাডুৰ কন্যাকুমাৰীত যোৱা ২৫-৩০ মাৰ্চত অনুষ্ঠিত ২১ সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত অসমে ৫ টা সোণসহ মুঠ ১৭ টা পদক অৰ্জন কৰে । ইয়াৰ সুবাদত অসমৰ উশ্বু দলটোৱে সামগ্ৰিকভাবে ছান্দা ইভেণ্টত দ্বিতীয় ৰাণাৰ্ছ আপ ট্ৰফী লাভ কৰে । প্ৰতিযোগিতাৰ টাউলু ইভেণ্টত নিংছি বৰগোহাঞিয়ে সোণ , কিৰণ ছেত্ৰী, আয়ান দত্তই ১ টাকৈ ৰূপ , কাশ্যপী সোণোৱাল, মনজিৎ ভূমিজ , মনীষ ছেত্ৰীয়ে ব্ৰঞ্জ লাভ কৰে । দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকল হ’ল- নিংছি বৰফুকন , মিংবি বৰফুকন, কাশ্যপী সোণোৱাল , ভাৰ্গব বড়ো, লাৰীণছা বসুমতাৰী, মনীষ ছেত্ৰী , আয়ান দত্ত মনজিৎ ভূমিজ । ছান্দা শাখাত জিচাং হুছেইন, অংকুৰ ভৌমিক , দেৱজ্যোতি দলে , অভিজিত বুঢ়াগোহাঁয়ে সোণ, তুলিকা চেতিয়াই ৰূপ , মুন্না মিলি , জেটলিনা কছাৰী , জুৰি পেগু আৰু চুমি বৰাই ব্ৰঞ্জৰ পদক পায় । ৪১ জনীয়া অসম দলৰ মেনেজাৰ হিচাপে আছিল ৰাতুল শইকীয়া ,যুগমা দলে । প্ৰশিক্ষক হিচাপে আছিল শিখা ৰাণী দাস আৰু দীপক দাস । এই কথা জনাইছে অসম উশ্বু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োৱে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments