Monday, October 3, 2022
HomeNewsউশ্বুৰ সপ্তম ৰাজ্যিক জাজ, প্ৰশিক্ষকৰ ৪ দিনীয়া কৰ্মশালা আৰম্ভ

উশ্বুৰ সপ্তম ৰাজ্যিক জাজ, প্ৰশিক্ষকৰ ৪ দিনীয়া কৰ্মশালা আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

অসমৰ প্ৰায় প্ৰতিখন জিলাতে দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিছে উশ্বু সমৰকলা । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকি উঠিছে অসমৰ খেলুৱৈ । ইয়াৰ বাবে প্ৰয়োজন হৈছে স্থানীয় মানবিশিষ্ঠ প্ৰশিক্ষক আৰু জাজৰ । এই অভাৱ পূৰণ কৰিবলৈ অসম উশ্বু সন্থাই গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । আনিছে আন্তঃৰাষ্ট্ৰীয় জাজ তথা প্ৰশিক্ষক ।

মঙলবাৰৰ পৰা ৪ দিনীয়াকৈ গুৱাহাটীত আৰম্ভ হ’ল সপ্তম ৰাজ্যিক উশ্বুৰ জাজ আৰু প্ৰশিক্ষকৰ কৰ্মশালা । এই কৰ্মশালা তদাৰক কৰিবলৈ কেৰালাৰ পৰা অহি উপস্থিত হৈছে ইণ্টাৰনেচনেল উশ্বু ফেডাৰেচনৰ জাজ তথা প্ৰশিক্ষক আৰিফ চি পি । অসম উশ্বু সন্থাৰ আয়োজনত অনুষ্ঠিত এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন জিলাৰ অৰ্ধশতাধিক উশ্বুৰ সৈতে জড়িত প্ৰাক্তন খেলুৱৈয়ে । কৰ্মশালাখনৰ বিষয়ে ৰাজ্যিক সভাপতি অধিবক্তা মুৰুলীধৰ চৌধুৰীয়ে মন্তব্য কৰিছে ।

দেশৰ লগতে বিদেশতো উশ্বুৰ প্ৰসাৰত জড়িত থকা কেৰালাৰ আৰিফ চি পি দ্বিতীয়বাৰ অসমলৈ একেধৰণৰ কামৰ বাবে আহিছে । ২০১৮ বৰ্ষত তেওঁ গুৱাহাটীত জাজৰ কৰ্মশালা তদাৰক কৰিছিল । অসমৰ খেলুৱৈৰ প্ৰশংসাত পঞ্চমুখ তেওঁ ।

গুৱাহাটী নেহৰু ষ্টেডিয়াম সংলগ্ন উশ্বু প্ৰশিক্ষণ হলত আৰম্ভ হৈছে এই কৰ্মশালা । অংশগ্ৰহণকাৰীক ৰাজ্যিক সমিতিয়ে পল্টনবজাৰৰ হোটেলত ৰখাৰ ব্যৱস্থা কৰিছে । ক্ৰীড়াপ্ৰেমীৰ আশা — অসমৰ জাজ আৰু প্ৰশিক্ষিকৰ মান অধিক উন্নত হ‌ওক । সুদক্ষ প্ৰশিক্ষক আৰু জাজৰ জড়িয়তে ৰাজ্যৰ উশ্বু শিক্ষাৰ্থীয়ে গুণগত সমৰকলাৰ জ্ঞান আহৰণ কৰক । দেশ-বিদেশত পদক বুটলি এইসকল খেলুৱৈয়ে অসম মাতৃৰ নাম উজলাই তোলক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments