Tuesday, October 4, 2022
HomeNewsশুই থাকোঁতেই কোটিপতি ! আই পি এলে ভাগ্য ফুলালে কাৰ ?

শুই থাকোঁতেই কোটিপতি ! আই পি এলে ভাগ্য ফুলালে কাৰ ?

অলিম্পিয়া প্ৰতিবেদন

আই পি এলে ফুলালে কাৰ ভাগ্য ? নিদ্ৰাৰত অৱস্থাত কোনজন ক্ৰিকেটাৰ হল কোটিপতি ? এই লৈ এতিয়া সৰব চৰ্চা চলিছে ভাৰতৰ ক্ৰিকেট প্ৰেমীৰ মাজত।
কিন্তু কোন সেইজন ক্ৰিকেটাৰ ? হয়, ঘণ্টাত ১৪০ কি:মি: বেগেৰে বল নিক্ষেপ কৰিবলৈ সক্ষম হোৱা যশ দয়ালৰ কথাকেই ইয়াত ক’বলৈ বিচৰা হৈছে ।
চলিত বৰ্ষৰ আই পি এল নিলামত ৩.২ কোটি টকাত নৱ গঠিত দল গুজৰাট টাইটানছে ক্ৰয় কৰিলে তৰুণ বেগী বলাৰজনক । উল্লেখ্যযোগ্য যে আই পি এলত বেগী বলাৰজনৰ আধাৰ মূল্য আছিল মাত্ৰ ২০ লাখ টকা । কিন্তু সেই নিলামত বহু সময়লৈকে নিজৰ নাম নেদেখি মোবাইল ছাইলেন্ট কৰি দুখ মনেৰে শুই পৰিল তেওঁ । টোপনিৰ পৰা সাৰ পাইয়ে মোবাইলত দেখে ৬০ তাতকৈ অধিক মিছকল । তাৰ ভিতৰত বেছি মিচকল থকা নম্বৰটোৱে আছিল তেওঁৰ পিতৃৰ । পিতৃৰ ইমান মিছকল দেখি বেগী বলাৰ জনে ভয়ে ভয়ে ফোন কৰিলে দেউতাকলৈ ।
তাৰ পাছতেই দেউতাকৰ গালিৰ বৰষুণ । গালিৰ পাছত বেগী বলাৰ জনক দিলে এক শুভ বাৰ্তা । তেওঁক কোটি টকাৰ দৰত ক্ৰয় কৰিছে আই পি এলৰ দল গুজৰাট টাইটানছে।

উল্লেখযোগ্য যে যশ দয়ালে বিগত বিজয় হাজাৰে ট্ৰফীত ১৪ টাকৈ উইকেট দখল কৰাৰ বিপৰীতে ব্যয় কৰা ৰাণৰ গড় আছিল ৩ .৭৭ । আনহাতে, যশৰ পিতৃও আছিল এগৰাকী ক্ৰিকেটাৰ । কিন্ত বিভিন্ন কাৰণত ক্ৰিকেট বিশ্বত আগুৱাই যাব নোৱাৰিলে মেডিয়াম পেচাৰ পিতৃ । তথাপি পুত্রক এগৰাকী সফল ক্ৰিকেটাৰ হিচাপে দেখা পোৱাৰ কল্পনা আছিল পিতৃ চন্দ্ৰপল দয়ালৰ । সেই সপোন যেন কিছু পৰিমাণে সাৰ্থক কৰিলে ২৪ বছৰীয়া যশ দয়ালে ।

এতিয়া তৰুণ ক্ৰিকেটাৰৰ এলাহাবাদৰ ঘৰখনত আৰম্ভ হৈছে আনন্দৰ বন্যা । ক্ৰিকেট অনুৰাগীৰ আশা –সমাগত আই পি এলত যশ দয়ালে গুজৰাট টাইটানছৰ হৈ কৰক দুৰ্দান্ত প্ৰদৰ্শন । স্ব-প্ৰতিভাৰে ক্ৰিকেট বিশ্বত নিজৰ নাম খোদিত কৰক তৰুণ ক্ৰিকেটাৰ যশ দয়ালে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments