Monday, October 3, 2022
HomeNewsকৈশোৰৰ গোন্ধ মাৰ নৌযাওঁতেই তাৰকা হ'ল যুৱ ক্ৰিকেটাৰ

কৈশোৰৰ গোন্ধ মাৰ নৌযাওঁতেই তাৰকা হ’ল যুৱ ক্ৰিকেটাৰ

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ ক্ৰিকেট জগতত এজন ক্ৰিকেটাৰ । গাৰ পৰা কৈশোৰৰ গোন্ধ মাৰ নৌযাওঁতেই তাৰকাৰ শাৰীত থিয় দিছে তেওঁ
। যাৰ বেটৰ পৰশত ভাৰতৰ ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি কৰে আলোড়নৰ। যাৰ নেতৃত্বত ভাৰতলৈ কঢ়িয়াই আনিছে গৌৰৱ ।

সম্প্ৰতি ভাৰতৰ ক্ৰিকেট জগতত খুবেই চৰ্চিত হৈছে যশ ধুলৰ নাম । মাত্ৰ ১৯ বছৰ বয়সতে তেওঁৰ প্ৰতিভাৰ কথা কৈ শেষ কৰিব নোৱাৰি । এই তৰুণ ক্ৰিকেটাৰজনে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত শশীন তেণ্ডুলকাৰ আৰু ৰোহিত শৰ্মাৰ কৃতিত্বকো চেৰ পেলালে । ৰঞ্জি ট্ৰফী ক্ৰিকেটত আত্মপ্ৰকাশ কৰিয়েই দুয়োটা ইনিংছত দুটা শতৰাণ কৰাৰ দৰে বিৰল অভিলেখ গঢ়িলে যশ ধুলে । দিল্লীৰ হৈ অপেনাৰৰ ৰূপত তামিলনাডুৰ বিৰুদ্ধে ধুলে এই সাফল্য লাভ কৰে । ঘটনাক্ৰমে তেওঁ এই অভিলেখ কৰিলে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত । এয়া হ’ল সুদীৰ্ঘ ৰঞ্জি ক্ৰিকেটৰ ইতিহাসত তৃতীয়টো এনেধৰণৰ ঘটনা । অভিষেক ৰঞ্জি ট্ৰফীত ইয়াৰ আগতে ১৯৫২-৫৩ বৰ্ষত কিম্বদন্তী ক্ৰিকেটাৰ নৰী কন্ট্ৰেক্টৰ আৰু ২০১২-১৩ বৰ্ষত বিৰাগ আৱাতে অভিষেক ৰঞ্জি মেচৰ দুয়োটা ইনিংছতে শতৰাণ কৰিছিল ।
যশৰ প্ৰতিভাৰ উন্মেষ হৈছিল চলিত বছৰৰ আগভাগতে ৱেষ্ট ইণ্ডিজৰ মাটিত । ২০২২ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত ১৯ বছৰ অনূৰ্দ্ধ আই চি চি ক্ৰিকেট বিশ্বকাপত কভিড পজিটিভ হৈ উঠাৰ পাছতো তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ লগতে দলক নেতৃত্ব প্ৰদান কৰি ভাৰতক বিশ্বকাপ জয়ৰ সোৱাদ দিলে ।
যশ ধুলৰ জ্বৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে । এই উদীয়মান ৰাইট হেণ্ড মিডল অৰ্ডাৰ বেটছমেনজনক আই পি এলৰ দিল্লী কেপিটেলে ভিত্তি মূল্যতকৈ ৩০ লাখ অধিক মুঠ ৫০ লাখ টকাত ক্ৰয় কৰে । গাৰ পৰা কৈশোৰৰ গোন্ধ মাৰ নৌযাওতেই তাৰকা হ’ল ভাৰতীয় ক্ৰিকেটাৰ যশ ধুল । এতিয়া বহু নামি দামী তাৰকা ক্ৰিকেটাৰৰ মুখত শুনা গৈছে যশ ধুলৰ প্ৰশংসা । ভাৰতীয় ক্ৰিকেটত যশৰ এই যাত্ৰা বৰ্ণিল হৈ ৰওক, তেওঁৰ বেটৰ পৰশে ভাৰতৰ ক্ৰিকেটপ্ৰেমীৰ সদায়ে হৃদয় জিনক, ক্ৰিকেট ইতিহাসত উজ্জ্বলি উঠক যশ ধুল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments