Wednesday, October 5, 2022
HomeNewsবৰ্ষাপাৰাত ৰাণৰ বৰষুণ যশ ধুলৰ,অভিষেক ৰঞ্জি মেচতে দুবাৰকৈ শতক

বৰ্ষাপাৰাত ৰাণৰ বৰষুণ যশ ধুলৰ,অভিষেক ৰঞ্জি মেচতে দুবাৰকৈ শতক

অলিম্পিয়া প্ৰতিবেদন

যশ ধুল নামৰ দিল্লীৰ নবাগত বেটছমেন গৰাকীৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম চিৰ স্মৰণীয় হৈ ৰ’ব । কাৰণ ৰঞ্জি ট্ৰফীৰ আত্মপ্ৰকাশ মেচতে ক্ৰমাগত দ্বিতীয়টো শতৰাণ অৰ্জন কৰিলে বিশ্বকাপ বিজয়ী ১৯ বছৰ অনূৰ্দ্ধ ভাৰতীয় দলৰ অধিনায়কজনে । গুৱাহাটীৰ বৰ্ষাপাৰাত তামিলনাডুৰ বিৰুদ্ধে ছিজনৰ প্ৰথম মেচত অপেনাৰ হিচাপে ধুলে অংশ লৈছিল ৰঞ্জি ট্ৰফীত । প্ৰথম ইনিংছত শতৰাণ কৰাৰ পাছত দেওবাৰে দ্বিতীয় ইনিংছতো তেওঁ দিল্লী দলক শতৰাণ উপহাৰ দিয়ে । দ্বিতীয় ইনিংছত ধুলৰ বেটৰ পৰা আহে ১১৩ ৰাণ । ১ টা ছয় আৰু ১৪ টা চাৰিৰে তেওঁ ইনিংছটো সজায় । ইয়াৰ লগে লগে ৰঞ্জি ট্ৰফীৰ ইতিহাসত অভিষেক মেচতে দুয়োটা ইনিংছত শতৰাণ কৰা তেওঁ হৈ পৰিল দেশৰ তৃতীয়গৰাকী বেটছমেন । ইয়াৰ পূৰ্বে ১৯৫২-৫৩ বৰ্ষত নৰি কণ্ট্ৰেক্টৰ আৰু ২০১২-১৩ বৰ্ষত বিৰাগ আৱাতে এই অভিলেখ গঢ়িছিল । আনফালে দুয়োটা ইনিংছত শতৰাণ কৰা যশ ধুল হৈ পৰিল দিল্লী ৰঞ্জি দলৰ ষষ্ঠগৰাকী বেটছমেন । ইয়াৰ পূৰ্বে দিল্লীৰ হৈ দুয়োটা ইনিংছত শতক অৰ্জন কৰিছিল মনছুৰ আলী খান পাটাউডী, সুৰিন্দৰ খান্না, মদন লাল, অজয় শৰ্মা, ৰমন লাম্বা আৰু ঋষভ পণ্টে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments