নগাঁও সদৰ সমষ্টিৰ বিধায়কক যোগ সংস্থাৰ সম্বৰ্ধনা

নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকা,৭জুলাইঃ অসম যোগ সংস্থাৰ অধ্যক্ষ ডাঃ কৃষ্ণ কুমাৰ বৰাৰ নেতৃত্বত এটি প্ৰতিনিধি দলে মঙলবাৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা বিশিষ্ট ক্ৰীড়া সংগঠক ৰূপক শৰ্মাক সাক্ষাৎ কৰি বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে যোগ ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰচাৰত অধিক গুৰুত্ব আৰোপ কৰিবৰ বাবে অনুৰোধ কৰে।বিশেষকৈ ৰাজ্যৰ শিক্ষা,ক্ৰীড়া আৰু স্বাস্থ্য আদি বিভাগসমূহত যোগ প্ৰশিক্ষক নিযুক্তি দিয়াৰ বাবে প্ৰচেষ্টা চলাবলৈ অনুৰোধ জনায়। এই প্ৰতিনিধি দলটোত অসম যোগ সংস্থাৰ অধ্যক্ষ ডাঃ কৃষ্ণ কুমাৰ বৰাৰ সৈতে সভাপতি তপন কুমাৰ দাস,সাধাৰন সম্পাদক তথা যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰা,কোষাধ্যক্ষ মঞ্জুলাা লস্কৰ,ৰাষ্ট্ৰীয় যোগ ৰেফাৰী নিজৰা বৰা, ক্ৰীড়াপ্ৰেমী দিলীপ সিং আৰু বিচিত্ৰৰঞ্জন বৰা আদিয়ে অংশ লয়।আনহাতে,যোৱা ২জুলাইতো বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা যোগ ক্ৰীড়াপ্ৰেমী জিতু গোস্বামীক অসম যোগ সংস্থাৰ সাধাৰন সম্পাদক প্ৰভাত চন্দ্ৰ বৰাৰ নেতৃত্বত আন এক প্ৰতিনিধি দলে সাক্ষাৎ কৰি একে অনুৰোধেই জনাইছিল।সেই দলটোত যোগ গুৰু প্ৰভাত বৰাৰ সৈতে যুটীয়া সম্পাদক সমীৰ হাজৰিকা,ৰাষ্ট্ৰীয় যোগ ৰেফাৰী সুদীপ্তা ডেকা,হিৰণ্য গোঁহাই,বিচিত্ৰৰঞ্জন বৰা আদিয়ে সংগ দিছিল।উল্লেখ্য যে,নগাঁও জিলাৰ উপৰি ৰাজ্যখনত যোগ শিক্ষকৰ বাবে প্ৰয়োজনীয় অৰ্হতাসম্পন্ন ভালেসংখ্যক নিবনুৱা যুৱক-যুৱতী আৰু পুৰুষ-মহিলা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *