Wednesday, September 28, 2022
HomeNewsঐতিহাসিক শিৱসাগৰৰ খঁৰাগড়ত যোগাসন প্ৰতিযোগিতা

ঐতিহাসিক শিৱসাগৰৰ খঁৰাগড়ত যোগাসন প্ৰতিযোগিতা

✍️ মনোজ বৰগোঁহাইৰ প্ৰতিবেদন

যোগাসনৰ এক সাংগীতিক দৃশ্যমধুৰ পৰিবেশ । জুবিন গাৰ্গৰ কন্ঠৰে নিগৰা বৰগীতৰ তালত যোগাসন ।ঐতিহাসিক শিৱসাগৰৰ খঁৰাগড়ত এজাক চেমনীয়াৰ” কচৰৎ । ইষ্ট আছাম যোগাসন প্ৰতিযোগিতাৰ এক সুন্দৰ মুহুৰ্ত ।

অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত, শিৱসাগৰ জিলা যোগাসন ক্ৰীড়া সন্থা আৰু খঁৰাগড় যুৱ চৰ্চা কেন্দ্ৰৰ সৌজন্যত তথা খঁৰাগড়বাসীৰ সহযোগত উজনি অসম ভিত্তিত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয় । চলিত মাহৰ ১২ আৰু ১৩ মাৰ্চত খঁৰাগড় আঞ্চলিক কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত হয় এই যোগাসন প্ৰতিযোগিতা ।

প্ৰতিযোগিতাখনত উজনি অসমৰ প্ৰায় কেইখন জিলাৰ প্ৰতিযোগীৰ উপৰি চুবুৰীয়া ৰাজ্য নগালেণ্ড আৰু অৰুণাচলৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । মুঠ ১ লাখ টকাৰ নগদ ধনসহ পুৰস্কাৰ সম্বলিত প্ৰতিযোগিতাখন ৫ টা বিশেষ শাখাত অনুষ্ঠিত হয়। Traditonal boys and girls, Artistic single (Boys and girls), Artistic pair (Boys and girls),Rhythmic yoga (Boys and girls) , Free flour yoga (Boys and girls) আদি শাখাত প্ৰায় ১৮০ গৰাকী প্ৰতিযোগীয়ে
প্ৰদৰ্শন কৰিলে যোগাসন ।
লগতে, অসমৰ বিভিন্ন অঞ্চলৰ পৰা অসম যোগাসন ক্ৰীড়া সন্থাৰ কাৰ্য্যবাহীসহ স্বীকৃতিপ্ৰাপ্ত ন -পুৰণি ৫৬ জন বিচাৰকে প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰে ।

অনুষ্ঠানৰ মাজতে “বৰ্তমান সময়ত যোগৰ প্ৰয়োজন” শীৰ্ষক এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে স্থানীয় বিশিষ্ট ব্যৱসায়ী নৃপেন গগৈয়ে ।
ইফালে, ১৩ মাৰ্চৰ নিশা সামৰণি পৰা প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ আসনত ক্ৰমে – ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জিতু বৰা, তেজপুৰৰ যানবাহন বিভাগৰ পৰিদৰ্শক পদ্মলোচন হাজৰিকা, মৰিয়নী বাহিনী চাহবাগিছাৰ পৰিচালক মনোজ বৰগোহাঁই আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে,
প্ৰতিযোগিতাৰ দুয়োটা দিনতে স্থানীয় ৰাইজৰ উপস্থিতিয়ে প্ৰতিযোগিতাখনত এক অনন্য মাত্ৰা প্ৰদান কৰে । উপস্থিত দৰ্শকৰ জাউৰি জাউৰি হাত চাপৰিৰে প্ৰতিযোগীসকলক জনোৱা উৎসাহ আছিল সঁচাকৈ মনোমোহা । স্থানীয় অভিভাৱক- অভিভাৱিকাসকলৰ উপস্থিতি তথা প্ৰেৰণাই যোগাসনৰ ক্ষেত্ৰত এই ভিতৰুৱা অঞ্চলটিৰ পৰা যোগাসনক বিশ্ব দৰবাৰলৈ যোগ্য প্ৰতিযোগীক যে উলিয়াই নিব এয়া ধুৰূপ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments