Tuesday, October 4, 2022
HomeNewsনগাঁৱত যোগাসন ক্ৰীড়াৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ

নগাঁৱত যোগাসন ক্ৰীড়াৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবড়িৰ টাডেপলীগুডামৰ ডি পি এছত অহা ২৬-২৯ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ৪৬ সংখ্যক ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটোৰ প্ৰশিক্ষণ শিবিৰ দেওবাৰৰ পৰা নগাঁৱৰ এন ৱাই কেত অৱস্থিত ৰাজ্যিক যোগ কেন্দ্ৰ (নিৰ্বাণ)ত আৰম্ভ হ’ব । অসম যোগ সংস্থাৰ সৌজন্যত আয়োজিত এই প্ৰশিক্ষণ শিবিৰটোত অংশগ্ৰহণ কৰিবৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলাৰ যোগ খেলুৱৈসকল ইতিমধ্যে নগাঁৱত উপস্থিত হৈ অনুশীলন কৰিছেহি । অসম যোগ সংস্থাৰ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই জনোৱামতে অহা ২২ মাৰ্চলৈকে চলিবলগীয়া পুৰুষ – মহিলা উভয়ৰে ৰাজ্যিক যোগাসন ক্ৰীড়াৰ এই শিবিৰটোত নিজৰা বৰা, জয়াৰাণী ডেকা, প্ৰতিশ্ৰুতি শইকীয়া (মহিলা), চিত্তৰঞ্জন বৰা আৰু চন্দ্ৰকান্ত বৰা(পুৰুষ) প্ৰশিক্ষকৰূপে আছে । অসম যোগ সংস্থাৰ কোষাধ্যক্ষ মঞ্জুলা লস্কৰ আৰু যুটীয়া সম্পাদক সমীৰ হাজৰিকাই শনিবাৰে সন্ধিয়া খেলুৱৈসকলৰ সৈতে এক মত বিনিময়ো কৰে । উল্লেখ্য যে, শিবিৰটোত ৰাজ্যিক খেলুৱৈ বিচিত্ৰৰঞ্জন বৰা তত্বাবধায়কৰূপে আছে বুলি অসম যোগ সংস্থাৰ সম্পাদকে লগতে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments