Sunday, October 2, 2022
HomeNewsনগাঁৱত যোগাসন ক্ৰীড়াৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ আৰম্ভ

নগাঁৱত যোগাসন ক্ৰীড়াৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ আৰম্ভ

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবড়িৰ টাডেপলীগুডামৰ ডিপিএছত অহা ২৬-২৯ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৪৬ সংখ্যক ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটোৰ প্ৰশিক্ষণ শিবিৰটো দেওবাৰৰ পৰা নগাঁৱৰ এন ৱাই কেত অৱস্থিত ৰাজ্যিক যোগ কেন্দ্ৰ (নিৰ্বাণ)ত আৰম্ভ হৈছে । অসম যোগ সংস্থাৰ সৌজন্যত আয়োজিত এই প্ৰশিক্ষণ শিবিৰটোত ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰায় ডেৰকুৰি যোগ খেলুৱৈয়ে অনুশীলন কৰিছে । অসম যোগ সংস্থাৰ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই জনোৱামতে অহা ২২ মাৰ্চলৈকে চলিবলগীয়া পুৰুষ-মহিলা উভয়ৰে যোগাসন ক্ৰীড়াৰ ৰাজ্যিক শিবিৰটোত নিজৰা বৰা, জয়াৰাণী ডেকা, প্ৰতিশ্ৰুতি শইকীয়া (মহিলা), চিত্তৰঞ্জন বৰা আৰু চন্দ্ৰকান্ত বৰা (পুৰুষ) প্ৰশিক্ষকৰূপে আছে । দেওবাৰে দুপৰীয়া এই শিবিৰটো ৰ’টাৰী ক্লাবৰ সামূহিক সেৱাৰ সঞ্চালক, প্ৰাক্তন খেলুৱৈ তথা বিশিষ্ট সমাজকৰ্মী জোন ৰাজখোৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে । শুভাৰম্ভণি অনুষ্ঠানত অসম যোগ সংস্থাৰ সভাপতি তপন কুমাৰ দাস, সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰা, যুটীয়া সম্পাদক সমীৰ হাজৰিকা, নগাঁও জিলা যোগ সংস্থাৰ সম্পাদিকা লিলি সন্দিকৈ, কোষাধ্যক্ষ বিক্ৰম জিৎ দে’ , অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষয়িত্ৰী বিজু শইকীয়া আৰু সংবাদকৰ্মী জেহিৰুল ইছলাম আদি উপস্থিত থাকে ।খেলুৱৈসকলৰ সৈতে অতিথিসকলে মুকলি মত বিনিময়তো ভাগ লয় । উল্লেখ্য যে, শিবিৰটোত ৰাজ্যিক খেলুৱৈ বিচিত্ৰ বড়া আৰু জুবিন শইকীয়া তত্বাবধায়কৰূপে আছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments