অলিম্পিয়া বাৰ্তা
তেজপুৰৰ দপৰ্বতীয়াত কালিৰে পৰা আৰম্ভ হৈছে যোগ প্ৰশিক্ষণ শিবিৰ। দপৰ্বতীয়াৰ চিত্ৰলেখা ভলীবল প্ৰশিক্ষণ শিবিৰৰ উদ্যোগত চলিত বছৰৰ আৰম্ভণিৰে পৰা এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছিল যদিও কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে এই প্ৰশিক্ষণ শিবিৰ বন্ধ কৰি ৰাখিবলগীয়া হৈছিল। পঞ্চম পৰ্যায়ৰ লকডাউনত যথেষ্ঠ শিথিলতা অনাৰ বাবেই এতিয়া সামাজিক দূৰত্ব বজাই ৰাখি দপৰ্বতীয়াৰ পুতা পুখুৰী খেল পথাৰত পুনৰ এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে। যোগ প্ৰশিক্ষণ মামু বায়ন আৰু ক্ষিৰদা ভূঞাই প্ৰশিক্ষণ প্ৰদান কৰা এই প্ৰশিক্ষণ শিবিৰৰ মুকলি অনুষ্ঠানত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শুভন মহন্ত, চিত্ৰলেখা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি লোকেন্দ্ৰ বৰা, সম্পাদক ৰাজেন ভূঞাকে প্ৰমুখ্যে কৰি স্থানীয় বহু কেইজন ব্যক্তি উপস্থিত থাকে।