Monday, October 3, 2022
HomeNews'আপুনি এগৰাকী ভাল আম্পায়াৰ'- ভুলকৈ আউট দিয়াৰ পিছতো শচীনে যেতিয়া এনেকৈ কৈছিল!

‘আপুনি এগৰাকী ভাল আম্পায়াৰ’- ভুলকৈ আউট দিয়াৰ পিছতো শচীনে যেতিয়া এনেকৈ কৈছিল!

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

ক্ৰিকেট ইতিহাসৰ এগৰাকী ভদ্ৰ, নম্ৰ আম্পায়াৰ ছাইমন টফেল। আম্পায়াৰিঙৰ ক্ষেত্ৰত প্ৰথমে ভৰি দিব বিচৰা নাছিল যদিও পিছলৈ এগৰাকী বন্ধুৰ আব্দাৰতহে আম্পায়াৰ হৈছিল তেওঁ। সময়ত এজন সফল আম্পায়াৰ হিচাবে পৰিচিতি লাভ কৰিছিল টফেলে। কম বয়সতে আম্পায়াৰিঙ ক্ষেত্ৰৰ পৰা অৱসৰো ঘোষণা কৰে তেওঁ। তথাপি অতি কম সময়তে তেওঁ এই ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। ১০০ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত আম্পায়াৰিং কৰা আটাইতকৈ কণিষ্ঠ আম্পায়াৰ হোৱাৰ অভিলেখৰ গৰাকী হৈছিল ছাইমন।

ক্ৰিকেট বিশ্বত তেওঁ সুনাম অর্জন কৰিছিল কাৰণ তেওঁ খুব কমেইহে ভুল সিদ্ধান্ত দিছিল। তাৰ বাবেই বহু ক্ৰিকেটাৰৰ প্রিয় আছিল তেওঁ। অৱশ্যে সেই কম সংখ্যক ভুল সিদ্ধান্তৰ মাজৰে এটা ভুল সিদ্ধান্ত আহিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ বিপক্ষে। ভুলকৈ আউট ঘোষণা কৰিছিল মাষ্টাৰ ব্লাষ্টাৰক।

ঘটনাটো আছিল ২০০৭ চনৰ। ট্রেন্ট ব্ৰিজত ইংলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছিল টেষ্ট মেচ। শচীনে ব্যক্তিগত ৯১ ৰানত বেটিং কৰি আছিল। তেনেতে পল কলিংউডৰ এটা বল টেণ্ডুলকাৰে ভৰিখন আগবঢ়াই দি বাহুৰে আঁতৰাই দিবলৈ চেষ্টা কৰিছিল। বলে ভৰিত আঘাত কৰিছিল আৰু এল বি ডব্লিউৰ আপীল হৈছিল। ছাইমন টফেলেও লগে লগে আউট ঘোষণা কৰিছিল। কিন্তু শ্ল’ মোছনত পৰিস্কাৰকৈ ধৰা পৰিছিল যে বলে অফ ষ্টাম্পৰ বাহিৰলৈ গতি কৰিছে। শচীন টেণ্ডুলকাৰেও হতভম্ব হৈ কিছু সময় ক্ৰিজতে ৰৈছিল। ছাইমনে ভুলটো পিছত অনুধাৱন কৰিছিল যদিও তেতিয়ালৈ পলম হৈ গৈছিল। মন নাথাকিলেও শচীন ক্ৰিজৰ বাহিৰ হ’ব লগা হৈছিল।

পিছদিনা ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে টফেলে টেণ্ডুলকাৰক লগ পাইছিল। লগ পায়েই আগদিনাৰ ভুল স্বীকাৰ কৰি লৈছিল ছাইমন টফেলে। টফেলে কৈছিল, “চোৱা শচীন, কালি তোমাক আউট দিয়াৰ মোৰ সিদ্ধান্ত ভুল আছিল। তুমি জানানে?” শচীনে উত্তৰত কৈছিল, “মই জানো ছাইমন। তুমি এজন ভাল আম্পায়াৰ। তুমি সাধাৰনতে তেনে ভুল সিদ্ধান্ত নোলোৱা। It’s ok। চিন্তা নকৰিবা।” 22 Yarns নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ সৈতে হোৱা কথা বাৰ্তাত সেই বিশেষ ঘটনাটোৰ এইদৰেই স্মৃতি ৰোমন্থন কৰে বিশ্ব ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আম্পায়াৰজনে।

তেওঁ লগতে কয়, “শচীনৰ লগত হোৱা কথা বাৰ্তা কোনো ক্ষমা প্ৰাৰ্থনা নাছিল। মই কেনেবাকৈ তেওঁক ভাল অনুভৱ কৰাব বিচৰিছিলোঁ আৰু নিজেও ভাল অনুভৱ কৰাৰ চেষ্টা কৰিছিলোঁ। এয়া যিহেতু খেল, মই এই কথা স্বীকাৰ কৰি ল’বলৈ বিচাৰিছিলোঁ যে তেওঁৰ খং উঠাটো স্বাভাৱিক আছিল আৰু মই নিজেও যাতে ভৱিষ্যতে তেনেকুৱা ভুল সিদ্ধান্ত নলও তাৰ বাবে কৰা এক চেষ্টা আছিল সেয়া।”

এইগৰাকী আম্পায়াৰে পাঁচবাৰকৈ টপ আম্পায়াৰৰ সন্মান লাভ কৰিছিল। ২০০৬ চনত তেওঁ সঠিক সিদ্ধান্ত দিয়াৰ ক্ষেত্ৰত ডাৰেল হেয়াৰৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments