অলিম্পিয়া প্ৰতিবেদন
আফগানিস্তানত তালিবানৰ বৰ্বৰতা। ভলীবল খেলাৰ বাবেই নিজৰ প্ৰাণ হেৰুৱালে মহিলা খেলুৱৈয়ে। সম্প্ৰতি ক্ৰীড়াবিশ্বত এই নৃশংস ঘটনাই লগাইছে তোলপাৰ।
তালিবানে আফগানিস্তানৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ পিছৰে পৰাই দেশখনত বহু লোকে প্ৰাণ হেৰুৱাইছে। বিশেষকৈ আফগানিস্তান এতিয়া মহিলাৰ বাবে হৈ পৰিছে বন্দীশাল স্বৰূপ। মহিলাৰ সকলো ধৰণৰ আমোদ-প্ৰমোদ, খেলা-ধূলা, নাচ-গান নিষিদ্ধ হৈ পৰিছে দেশখনত। তালিবানী শাসনকালত এইবাৰ নৃশংসতাৰ বলি হ’ল এগৰাকী উদীয়মান আফগান খেলুৱৈ। ভলীবল খেলাৰ বাবেই তালিবানে শিৰচ্ছেদ কৰিলে আফগানিস্তানৰ মাহজাবিন হাকিমী নামৰ খেলুৱৈগৰাকীক। এই কথা প্ৰকাশ কৰিছে আফগানিস্তান জুনিয়ৰ ভলীবল দলৰ প্ৰশিক্ষক ছুৰায়া আফজালীয়ে। কাবুল মিউনিচিপেলিটী ভলীবল ক্লাবৰ প্রতিভাবান খেলুৱৈগৰাকীক শিৰশ্ছেদ কৰাৰ কথা ৰাজহুৱা নকৰিবলৈ তালিবানে সকীয়াই দিছিল হাকিমীৰ পৰিয়ালক।
উল্লেখযোগ্য যে তালিবানে আফগানিস্তানৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ কিছুদিন পিছতেই মাহজাবিন হাকিমীয়ে কাবুলৰ হৈ এক ক্লাব পর্যায়ৰ প্রতিযোগিতাত অংশ লৈছিল। তালিবানৰ শাসনভাৰ কাঢ়ি লোৱাৰ সময়ত দেশখনৰ পৰা বহুসংখ্যক মহিলা খেলুৱৈয়ে পলায়ন কৰিছিল যদিও আফগান জুনিয়ৰ ভলীবল দলটোৰ কেৱল দুগৰাকী সদস্যইহে দেশ এৰিবলৈ সক্ষম হৈছিল। দুর্ভাগ্যবশতঃ হাকিমীয়ে আফগানিস্তান ত্যাগৰ সুযোগ লাভ কৰা নাছিল। ফলত আশংকা কৰা মতেই তালিবানৰ নৃশংসতাৰ বলি হ’বলগীয়া উদীয়মান ভলীবল খেলুৱৈগৰাকী।