Thursday, May 26, 2022
HomeNewsএটা শব্দ! যাৰ বাবে কেওঁফালে উচ্চাৰিত হৈছে 'যুৱৰাজ, ক্ষমা খোজা' ধ্বনি

এটা শব্দ! যাৰ বাবে কেওঁফালে উচ্চাৰিত হৈছে ‘যুৱৰাজ, ক্ষমা খোজা’ ধ্বনি

অলিম্পিয়া বাৰ্তা

সততে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং এইবাৰ বিপদত পৰিছে এটা শব্দৰ বাবে। ভাৰতীয় ক্ৰিকেট দলৰ স্পীনাৰ যুজবেন্দ্ৰ চাহালক ধেমালিতে কোৱা এষাৰ কথাৰ কাৰণে এতিয়া টুইটাৰত ট্রেণ্ড হৈছে, ‘যুৱৰাজ ক্ষমা খোজা’ ধ্বনি।

টুইটাৰত এই ট্রেণ্ড সৃষ্টি হৈছে যোৱা মঙ্গলবাৰৰ পৰা। অৱশ্যে যিটো ভিডিঅ’ ক্লিপিঙৰ বাবে এই ট্রেণ্ড সৃষ্টি হৈছে সেইটো এমাহ পুৰণি। আন এজন ভাৰতীয় ক্ৰিকেট তাৰকা ৰোহিত শৰ্মাৰ সৈতে জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে হোৱা এটা কথোপকথনত যুৱৰাজ সিঙে যুঁজৱেন্দ্র চাহালৰ টিকটক প্ৰীতি সম্পৰ্কে মন্ত্যব প্ৰদান কৰিছিল। মন্তব্য কৰোতে ক্ৰিকেটাৰজনে এটা বিশেষ সম্প্রদায়ৰ নাম লৈ চাহালক তেওঁৰ টিক-টক ভিডিঅ’বোৰৰ বাবে ঠাট্টা কৰিছিল।

তেওঁ ‘ভঙ্গী’ জনগোষ্ঠীটোৰ নাম লৈ চাহালক কৈছিল যে “এই ‘ভঙ্গী’বোৰৰ কাম নাই। তুমি পৰিয়ালৰ সৈতে চাহালৰ ভিডিঅ’ দেখিছা নে?” ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া ‘ভঙ্গী’ জনগোষ্ঠীটোক হেয় জ্ঞান কৰাৰ অভিযোগ উঠিছে যুৱৰাজৰ বিৰুদ্ধে ।

উল্লেখযোগ্য যে ‘ভঙ্গী’ জনগোষ্ঠী হৈছে দলিত সম্প্ৰদায়ৰ এটা জনগোষ্ঠী। , গুজৰাট আদি ৰাজ্যত এই জনগোষ্ঠীৰ লোকক দেখিবলৈ পোৱা যায়।

ইয়াৰ আগতে যুৱৰাজ সিঙে পাকিস্তানৰ ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদীৰ এন জি অ’ এটাক সহায়ৰ হাত আগবঢ়াবলৈ গৈয়ো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। পিছত ছাহিদ আফ্ৰিদীয়ে পাকিস্তান অধ্যুষিত কাশ্মীৰত ভৰি থৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰাৰ পিছত যুৱৰাজ সিঙে নিজৰ ভুল হোৱা বুলি অনুধাৱন কৰি আফ্ৰিদিক সহায় কৰাৰ বাবে অনুসূচনাও কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments