অলিম্পিয়া প্রতিবেদন
ভাৰতৰ প্রাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ মহানুভৱতা। অসমৰ কোভিড আক্রান্ত শিশুৰ বাবে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰজনে ১০০ খনকৈ অত্যাধুনিক আই চি ইউ বিচনা আগবঢ়াইছে। তেওঁ এই বিচনাসমূহ আগবঢ়াইছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ। এই কথা সদৰী কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ সঞ্জীৱ কাকতিয়ে। ৰাজ্যত যি সময়ত ক’ভিডত আক্ৰান্ত শিশুৰ সংখ্যা বাঢ়িব লাগিছে সেই সময়ত যুৱৰাজ সিং ফাউণ্ডেচনৰ এই পদক্ষেপে অসমৰ চিকিৎসাক্ষেত্ৰক কিছু পৰিমাণে সকাহ দিব বুলি আশা কৰিব পাৰি। অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে যুৱৰাজ সিং ফাউণ্ডেচনে পৰৱৰ্ত্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৫০ খন তথা শ্বিলং চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৫০ খন এনে আই চি ইউযুক্ত অত্যাধুনিক বিচনা আগবঢ়াব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ইয়াৰ আগতেও যুৱৰাজ সিঙে ক’ভিড মহামাৰীৰ দ্বাৰা আক্ৰান্ত বিভিন্নজনক সাহাৰ্য্য প্ৰদান কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দি আহিছে।