Tuesday, October 4, 2022
HomeNewsৰবি শাস্ত্ৰীয়ে পাহৰিলে বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক ধোনি আৰু যুবৰাজক

ৰবি শাস্ত্ৰীয়ে পাহৰিলে বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক ধোনি আৰু যুবৰাজক

olympiasports.in

২০১১ চনৰ আই চি চিৰ বিশ্বকাপ বিজয়ত ভাৰতীয় দললৈ অধিনায়ক মহেন্দ্ৰ সিং ধোনি আৰু অলৰাউণ্ডাৰ যুৱৰাজ সিংৰ আছিল গুৰুত্বপূৰ্ণ অৰিহণা। কপিল দেৱৰ পিছত ধোনিৰ নেতৃত্বতে বিশ্বজয় কৰিছিল ভাৰতীয় দলটোৱে। কেৱল নেতৃত্ব দিয়াই নহয়, প্ৰতিখন মেচত ধোনিয়ে প্ৰতিপক্ষৰ মাজত এক চাপ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল‌। আনহাতে অলৰাউণ্ডাৰ যুবৰাজ সিঙে লাভ কৰিছিল মেন অব দ্যা চিৰিজৰ খিতাপ। প্ৰতিযোগিতাখনত যুবৰাজে গড়ে ৯০.৫০ ৰানেৰে ৩৬২ ৰান কৰিবলৈ সক্ষম হৈছিল আৰু দখল কৰিছিল ১৫ টা উইকেট। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত ধোনিয়ে ৯১ ৰান কৰি ভাৰতক বিশ্বকাপ বিজয়ৰ সুৱাদ দিছিল। কিন্তু এই দুই মহান ক্ৰিকেটাৰ এতিয়া যেন ক্ৰমান্বয়ে এলাগী হৈ আহিছে। তাৰেই প্ৰমাণ পোৱা গ’ল কালি।

ভাৰতীয় ক্ৰিকেট দলটোৱে বিশ্বকাপ বিজয়ৰ ৯ বছৰ সম্পূৰ্ণ হোৱাত ভাৰতীয় দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে টুইটাৰত এক অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছিল। কিন্তু শাস্ত্ৰীৰ এই বাৰ্তাত অধিনায়ক ধোনি আৰু মেন অব দ্যা চিৰিজ যুবৰাজৰ নাম নাছিল। যাৰ বাবে যুবৰাজ সিঙে টুইটাৰত ৰাজহুৱাকৈ নিজৰ আক্ষেপ প্ৰকাশ কৰিছে।

শাস্ত্ৰীয়ে লিখিছিল— ‘তোমালোকক বহুত অভিনন্দন। এই প্ৰাপ্তিয়ে গোটেই জীৱন তোমালোকক প্ৰভাৱিত কৰি ৰাখিব। যিখিনি আমি ১৯৮৩ বিশ্বকাপ জয় কৰি পাইছিলোঁ।’
শাস্ত্ৰীৰ এই টুইটত যুবৰাজ সিঙে ৰিটুইট কৰি– ‘ জ্যেষ্ঠ জনক মই ধন্যবাদ দিছোঁ। আপুনি মোক আৰু মাহীকো টেগ কৰিব পাৰিলেহেঁতেন। কাৰণ আমিও বিশ্বকাপ বিজয়ী দলৰ অংশ আছিলোঁ।’

উল্লেখ্য যে দুদিন আগত যুবৰাজে তেওঁৰ কেৰিয়াৰত তিনিজন অধিনায়ক পাইছিল যদিও সৌৰভ গাংগুলীয়ে হে তেওঁক গুৰুত্ব দিছিল বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments