Tuesday, October 4, 2022
HomeNews'২০০৭ৰ টি টুৱেন্টি বিশ্বকাপত ভাৰতৰ অধিনায়ক হোৱাৰ আশা পুহি ৰাখিছিলো', যুৱৰাজ সিঙৰ...

‘২০০৭ৰ টি টুৱেন্টি বিশ্বকাপত ভাৰতৰ অধিনায়ক হোৱাৰ আশা পুহি ৰাখিছিলো’, যুৱৰাজ সিঙৰ বিস্ফোৰক মন্তব্য

অলিম্পিয়া প্রতিবেদন

২০০৭ ৰ ঐতিহাসিক টি-টুৱেন্টি বিশ্বকাপত ভাৰতৰ জয় লাভে ভাৰতীয় ক্ৰিকেটত নতুন যুগৰ সূচনা কৰিছিল। নতুনকৈ জাতীয় দলটোৰ অধিনায়কৰ পদ লাভ কৰা মহেন্দ্ৰ সিং ধোনিয়ে দলটোক পিছলৈ বিশ্বৰ অন্যতম দল হিচাবে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ২০০৭ ৰ বিশ্বকাপৰ সময়ৰ পৰাই আৰম্ভ হৈছিল ভাৰতীয় ক্ৰিকেটৰ জয়যাত্ৰা। উল্লেখযোগ্য যে ২০০৭ ৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতে গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় মাগিছিল। ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতীয় দলৰ শোচনীয় প্ৰদৰ্শন অব্যাহত আছিল। জ্যেষ্ঠ খেলুৱৈসকলৰ ব্যৰ্থতাৰ পিছত একেটা বৰ্ষতে হ’বলগীয়া টি টুৱেন্টি বিশ্বকাপৰ বাবে শচীন, গাংগুলী, দ্ৰাবিড়কে ধৰি খেলুৱৈসকলক বিশ্ৰাম দিয়া হৈছিল। ফলত অধিনায়কৰ বাবে এখন নতুন মুখৰ সন্ধান কৰা হৈছিল। শচীন, গাংগুলী, দ্ৰাবিড়ক বাদ দিলে যুৱৰাজ সিং আছিল দলটোৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ। কিন্তু যুৱৰাজ সিঙক বাদ দি মূৰকত অধিনায়কৰ দায়িত্ব দিয়া হৈছিল নৱাগত মহেন্দ্ৰ সিং ধোনিক।

সেই সময়ৰ কথা স্মৰণ কৰি ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ যুৱৰাজ সিঙে এক বিশেষ মন্তব্য কৰিছে। যুৱৰাজৰ মন্তব্যই এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যম। যুৱৰাজ সিঙৰ মতে, ২০০৭ৰ টি-টুৱেন্টি বিশ্বকাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলৰ অধিনায়ক হোৱাৰ বাবে তেওঁ আশা পুহি ৰাখিছিল। কিন্তু সময়ত তেওঁক বাদ দি অধিনায়কৰ পদ যচা হৈছিল মহেন্দ্ৰ সিং ধোনিক। ২২ ইয়াৰ্নছ নামৰ এটা প’ডকাষ্টত এইদৰে উল্লেখ কৰে তেওঁ। অৱশ্যে অধিনায়ক হিচাবে ধোনিক দায়িত্ব দিয়াৰ পিছতো আপত্তি কৰা নাছিল তেওঁ। তেওঁৰ মতে যাকেই অধিনায়কৰ দায়িত্ব দিয়া হ’ব, তাকেই মানি লোৱাৰ বাবে তেওঁ প্ৰস্তুত আছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments