Monday, October 3, 2022
HomeNewsক্ৰিকেটাৰ য়ুজৱেন্দ্ৰ চহল আছিল দবাৰ ৰাষ্ট্ৰীয় চেম্পিয়নো!

ক্ৰিকেটাৰ য়ুজৱেন্দ্ৰ চহল আছিল দবাৰ ৰাষ্ট্ৰীয় চেম্পিয়নো!

এজন সম্ভাৱনাময় দবা খেলুৱৈ আছিল ভাৰতীয় ক্ৰিকেট দলৰ জনপ্ৰিয় ক্ৰিকেটাৰ য়ুজৱেন্দ্ৰ চহল। কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশৰ জনসাধাৰণ ঘৰতে আৱদ্ধ হৈ পৰাত চহলৰ এই কথা পোহৰলৈ আহিছে । চেজ ডট কমে আয়োজন কৰা এক অনলাইন ব্লিজ ইভেণ্টত এই অংশ লৈ এই কথা উল্লেখ কৰে ক্ৰিকেটাৰ গৰাকীয়ে। খেলুৱৈজনে প্ৰকাশ কৰা মতে দবা খেলেই ক্ৰিকেট ফিল্ডত ধৈৰ্য্যশীল হৈ থকাৰ বাবে শিক্ষা দিছিল তেওঁক। যুজবেন্দ্ৰ চহল হ’ল অনুৰ্ধ ১২ বছৰ শাখাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় দবা চেম্পিয়ন। তেওঁ আনকি বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ‘ দবাই মোক ধৈৰ্য্যশীল হ’বলৈ শিকালে। ক্ৰিকেটত কেতিয়াবা ভাল বল কৰাৰ পাছতো কোনোৱে উইকেট ল’ব নোৱাৰিবও পাৰে। এখন টেষ্ট মেচত কোনোৱে প্ৰথমদিনা ভালদৰে বল কৰিলেও উইকেট নাপাব পাৰে কিন্তু পিছদিনা পুনৰ প্ৰত্যাৱৰ্তন কৰিবলগীয়া হয়। যাৰ বাবে যথেষ্ট ধৈৰ্য্যৰ প্ৰয়োজন। এনে সময়তে কেনেকৈ ধৈৰ্য্যশীল হৈ থাকিব পাৰি সেই কথা মোক দবাই শিকালে। ‘ চহলে কয়। ভাৰতৰ হৈ ৫২ খন এদিনীয়া আৰু ৪২ খন টি টুৱেন্টি খেলা খেলুৱৈগৰাকী লকডাউনৰ সময়ছোৱাত বৰ্তমান টিকটকতো ভুমুকি মাৰিছে। চহলৰ এটা নিজা ইউটিউব চেনেলো আছে যাৰ জৰিয়তে ক্ৰিকেটাৰজনে বিভিন্ন খুহুতিয়া ভিডিঅ প্ৰচাৰ কৰি আহিছে। বৰ্তমান ক্ৰিকেটাৰ গৰাকী এনেদৰেই বিভিন্ন সামাজিক মাধ্যমত ব্যস্ত হৈ পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments