Wednesday, August 10, 2022
HomeNewsআৰ চি বিৰ আচৰণত আচৰিত চহল : মুখ খুলিলে প্ৰথমবাৰৰ বাবে !

আৰ চি বিৰ আচৰণত আচৰিত চহল : মুখ খুলিলে প্ৰথমবাৰৰ বাবে !

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ স্পিনাৰ হিচাপে বিষেণ সিং বেদী, হৰভজন সিং, অনিল কুম্বলে, ৰৱিচন্দ্ৰন অশ্বিন, ৰৱীন্দ্ৰ জাদেজা আদিৰ দৰে খুবেই পৰিচিত আন এটি নাম য়ুজবেন্দ্ৰ চহল । ২০১৪ ৰ পৰা ২০২১ লৈকে ৰয়েল চেলেঞ্জাৰ্ছ বেঙ্গালুৰু চমুকৈ আৰ চি বিৰ হৈ খেলা চহলে এইবাৰ মুখ খুলিছে আৰ চি বিৰ বিৰুদ্ধেই । আৰ চি বিৰ আচৰণত আচৰিত তেওঁ । তেওঁ কয়, ‘আৰ চি বিয়ে মোক এবাৰো নুসুধিলে যে যোৱা ৭টা বছৰে মই যিটো দলৰ হৈ মনে প্ৰাণে যুঁজ দিলো, সেই দলত মই এইবাৰ থাকিব বিচাৰোনে নিবিচাৰো । বা সেই দলত তেওঁলোকে মোক পুনৰ ৰাখিব বিচাৰেনে নাই । তেওঁলোকে মোৰ সৈতে মাত্ৰ তিনিজন ৰিটেইনাৰৰ সন্দৰ্ভতহে কথা পাতিছিল । তেওঁলোকে মোক এইবাৰ নিলাম প্ৰক্ৰিয়ালৈ অনাৰ কথা কয় যদিও মই মোৰ মূল্য বা প্ৰাপ্যৰ সন্ধৰ্ভত এটা শব্দ‌ ভুলতো প্ৰকাশ কৰা নাই ।”
উল্লেখনীয় যে আৰ চি বিত বিৰাট কোহলিক ১৫ কোটি , গ্লেন মেক্সৱেলক ১১ কোটি আৰু মহম্মদ ছিৰাজক ৭ কোটি টকাত পূৰ্বতে নিৰ্ধাৰিত থকাৰ বিপৰীতেএই ছিজনৰ আই পি এলত চহলক ৬.৫ কোটি টকাত ক্ৰয় কৰিছে ৰাজস্থান ৰয়েলছে । আৰ চি বিৰ হৈ ১১৩ খন মেচত সৰ্বমূঠ ১৩৯ টা উইকেট দখল কৰা চহলক এইবাৰ আৰ চি বিৰ বিৰুদ্ধে দেখা গৈছে যদিও সেই পূৰ্বৰ দলৰ প্ৰতি থকা ভালপোৱা বা সমৰ্থন কোনোদিনে নকমিব বুলিও প্ৰকাশ কৰে স্পীনাৰজনে । সামাজিক মাধ্যমত স্পীনাৰজনে আৰ চি বিৰ ডাইৰেক্টৰ মাইক হেছনৰ সৈতে টকা পইচাৰ কথা আলোচনা কৰা বুলি সমালোচনা চলিছে যদিও সেই অভিযোগ মিছা বুলি প্ৰকাশ কৰে স্পীনাৰজনে । তেওঁলোকৰ আলোচনাৰ মূল বিষয় আছিল তিনি ৰিটেইনাৰৰ নামহে । তাৎপৰ্যপূৰ্ণ কথা যে নতুন দল ৰাজস্থান ৰয়েলছত যোগদান কৰি মঙ্গলবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচত মাত্ৰ ২২ ৰাণ ব্যয়েৰে ৩ টা উইকেট দখল কৰি চহলে পুনৰ প্ৰকাশ কৰে নিজৰ বলিং দক্ষতা । ইয়াৰ যোগেদি বুজাই দিলে যে আই পি এলত তেওঁৰ গুৰুত্ব কণমানো হ্ৰাস পোৱা নাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments