Friday, September 30, 2022
HomeNewsনিজ জাতীয় দলে বিদেশৰ ৰাজপথত গতিয়াই বাহিৰ কৰি দিয়া দুৰ্ভগীয়া ক্ৰিকেটাৰ হেনৰী...

নিজ জাতীয় দলে বিদেশৰ ৰাজপথত গতিয়াই বাহিৰ কৰি দিয়া দুৰ্ভগীয়া ক্ৰিকেটাৰ হেনৰী অলেঙ্গাৰ কাহিনী

olympiasports.in

✍️ তুষাৰ প্ৰতিম

হেনৰী অলেঙ্গা। বহুতৰ বাবে এটা চিনাকি নাম। বহুতৰ বাবে অচিনাকি। হয়তো বহুতেই আকৌ পাহৰিছে। এইগৰাকী হেনৰী অলেঙ্গাৰ বাবেই ১৯৯৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ পৰা বাহিৰ হৈছিল ভাৰত। জয়ী হৈছিল জিম্বাৱে, হিৰ’ হৈছিল হেনৰী অলেঙ্গা। পিছে ২০০৩ ৰ বিশ্বকাপ ক্ৰিকেটৰ সময়ত ইংলেণ্ডৰ ৰাজপথত নিজ দলৰ গাড়ীৰ পৰা গতিয়াই বাহিৰ কৰি দিছিল ৯৯ৰ হিৰ’ অলেঙ্গাক‌। অলেঙ্গাৰ ভুল আছিল ‘প্ৰতিবাদ’।

১৯৯৯ চনৰ ইংলেণ্ড বিশ্বকাপ ক্ৰিকেটৰ এখন মেচ। মেচখনত ভাৰতৰ সন্মুখত তুলনামূলকভাৱে দুৰ্বল জিম্বাৱে। তেতিয়া ভাৰতক জয়ী হবলৈ ১২ বলত ৯ ৰানৰ প্ৰয়োজন। হাতত আছে তিনি উইকেট। জিম্বাৱেৰ তেতিয়াৰ অধিনায়ক এলিষ্টয়েৰ কেম্পেবেলে হেনৰী অলেঙ্গাৰ হাতত বলটো তুলি দিলে। প্ৰথমটো বলত ভাৰতীয় ক্ৰিকেটাৰ ৰবিন সিঙে সংগ্ৰহ কৰিলে ২ ৰান। ১১ বলত প্ৰয়োজন ৭ ৰান। এইবাৰ দ্বিতীয়টো বল- ৰবিন সিঙে বলটো বাউণ্ডেৰি স্পৰ্শ কৰাকৈ কোবাবলৈ চেষ্টা কৰিলে। জিম্বাৱেৰ অধিনায়ক এলিষ্টয়েৰে ড্ৰাইভ কৰি শূন্যতে বলটো আয়ত্ব কৰিলে। তাৰপিছত ভাৰতৰ হাতত ১০ টা বল, ২ উইকেট। জয়ী হবলৈ প্ৰয়োজন ৭ ৰান। ক্ৰিজলৈ এইবাৰ আহিছে নতুন খেলুৱৈ অনিল কুম্বলে। ননষ্ট্ৰাইকত আছে জভাৱল শ্ৰীনাথ। কুম্বলেই প্ৰথমটো বলতে এক ৰান সংগ্ৰহ কৰি ষ্ট্ৰাইক শ্ৰীনাথক দিলে। ইতিমধ্যে শ্ৰীনাথে ১০ বলত ১৬ ৰান কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছৰটো বলত শ্ৰীনাথে দুই ৰান সংগ্ৰহ কৰিলে। তেতিয়া ভাৰতক মেচখনত জয়ী হবলৈ প্ৰয়োজন ৪ ৰান। হাতত আছে ২ উইকেট ৮ বল। এইবাৰ অলেঙ্গাই তেওঁৰ পঞ্চমটো বল দিলে। প্ৰবল আত্ম বিশ্বাসী শ্ৰীনাথে এটা বলতে মেচখন সমাপ্ত কৰাৰ ইচ্ছাৰে শৰীৰৰ সৰ্ব শক্তিৰে বেটখন ঘূৰাই দিলে। তীব্ৰ বেগেৰে যোৱা বলটোৱে শ্ৰীনাথৰ বেটৰ তলেৰে গৈ ষ্টাম্প স্পৰ্শ কৰিলে। শ্ৰীনাথ আউট। লগে লগে ভাৰতীয় দলটোৰ শিবিৰত মৌনতাই বিৰাজ কৰিলে। কিছুসময়ৰ আগলৈকে বিশ্বকাপৰ মেচখন জয়ী হোৱাৰ প্ৰবল আত্ম বিশ্বাসেৰে ভৰপূৰ হৈ থকা ভাৰতীয় দলটোৱে তেতিয়াহে বুজিছিল অঘটন এনেকৈয়ে ঘটে। সকলো নিশ্চিত হৈছিল মেচখনত যে তেওঁলোক পৰাজিত হ’ব। কাৰণ অন্তিমটো উইকেটৰ ৰূপত ক্ৰিজলৈ গৈছে ভেংকটেশ প্ৰসাদ। নিজৰ অভাৰৰ অন্তিমটো বল দিবলৈ অলেঙ্গা সাজু হৈছে। অলেঙ্গাৰ অন্তিমটো বলত অন্ততঃ দুই ৰান সংগ্ৰহ কৰি ভাৰতীয় দলটোক বিজয়ৰ সুৱাদ দিয়াৰ চাপত বিধস্ত ভেংকটেশ। দীঘলীয়া এক দৌৰ দি অলেঙ্গাই তীব্ৰ বেগেৰে তেওঁৰ অভাৰৰ অন্তিমটো বল নিজস্ব শৈলীৰে দলিয়াই দিলে। অলেঙ্গাৰ বলটো ভেংকটেশে প্ৰচণ্ড জোৰেৰে কোবাবলৈ চেষ্টা কৰিলে। কিন্তু বলটো গৈ ভেংকটেশৰ বেটৰ পৰিবৰ্তে পেডত স্পৰ্শ কৰিলে। অলেঙ্গা আৰু জিম্বাৱে দলৰ সদস্য সকলে আম্পায়াৰৰ ফালে চাই আপিল কৰিবলৈ হাত দুখন দাঙিচিলহে মাত্ৰ। আম্পায়াৰে নিজৰ সোঁ হাতৰ তৰ্জনী আঙুলিটো দাঙি দিলে।

YouTube player
১৯৯৯ চনৰ বিশ্বকাপ ক্ৰিকেটৰ সেই বিশেষ মেচখনৰ অন্তিম ৮ মিনিট। যি ৮ মিনিটত বিশ্বকাপ জয়ৰ স্বপ্ন ধূলিসাৎ হৈছিল ভাৰতৰ। হিৰ’ হৈছিল হেনৰী অলেঙ্গা

মেচখনত জিম্বাৱেৰ পেছ বলাৰ হেনৰী অলেঙ্গাই মাত্ৰ পাঁচটা বলতে ভাৰতৰ তিনি উইকেট দখল কৰি ভাৰতৰ হাতৰ পৰা মেচখনেই কাঢ়ি লৈ গ’ল। বাহিৰ কৰি দিলে ভাৰতক ৯৯ চনৰ বিশ্বকাপৰ পৰা । হেনৰী অলেঙ্গাৰ সেই অভাৰটোৱেই আছিল ভাৰত পৰাজিত হোৱাৰ মূল কাৰণ। মেচখনত জিম্বাৱেৰ হাতত পৰাজিত হোৱাৰ পৰিণতিত ভাৰতীয় সমৰ্থকে ভাৰতীয় দলটোৰ অধিনায়ক মহম্মদ আজাহাৰ‌উদ্দিনকে ধৰি খেলুৱৈ, প্ৰশিক্ষকৰ পুত্তলিকা দাহ কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল। একাংশ ভাৰতীয় ক্ৰিকেটাৰৰ ঘৰত একাংশ উত্তেজিত জনতাই আকৌ শিলগুটি নিক্ষেপ কৰিছিল। ভাৰতীয় দলটোৰ এই দূৰৱস্থাৰ মূল কাৰণ আছিল এটা অভাৰত তিনি উইকেট হস্তগত কৰি ভাৰতক ঘৰলৈ ঘূৰাই পঠিওৱা জিম্বাৱেৰ পেছ বলাৰ হেনৰী অলেঙ্গা।

অলেঙ্গাৰ আপিল…. আউট হৈছিল ভেংকটেশ

জিম্বাৱেৰ এইগৰাকী প্ৰখ্যাত বলাৰ হেনৰীৰ কেৰিয়াৰ অৱশ্যে বৰ সুখেৰে সমাপ্তি হোৱা নাছিল। ১৯৯৯ চনৰ পুনৰাবৃত্তি কৰিবলৈ হেনৰী সক্ষম নহ’ল। সেয়া ২০০৩ চনৰ বিশ্বকাপ ক্ৰিকেটৰ সময়ৰ কথা। তেতিয়া জিম্বাৱেত তীব্ৰ অৰাজকতা। জিম্বাৱেৰ ৰাষ্ট্ৰপতি ৰবাৰ্ট মুগাম্বেৰ নিজ খেয়াল-খুচি মতে জিম্বাৱেক পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছে‌। তেতিয়া তেওঁৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ কৰাৰ অভিযোগ পূৰ্ণৰূপত উত্থাপিত হৈছিল। সমগ্ৰ জিম্বাৱেত ৰাষ্ট্ৰপতি ৰবাৰ্ট মুগাম্বেৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল। এই প্ৰতিবাদৰ পৰা পিছপৰি নাথাকিল হেনৰী অলেঙ্গা। বিশ্বকাপ প্ৰতিযোগিতাৰ মেচকেই প্ৰতিবাদৰ উত্তম স্থলী বুলি বিবেচনা কৰি হেনৰী অলেঙ্গাই নিজৰ হাতত বান্ধি ল’লে ক’লা কাপোৰ। ক্ৰীড়া ইতিহাসত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা ঘটনা সেয়া দ্বিতীয় বাৰৰ বাবে সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে ১৯৬৮ চনত মেক্সিক’ অলিম্পিকত মানৱ অধিকাৰ উলংঘনৰ বাবে খেলুৱৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। হেনৰী অলেঙ্গাক সহযোগিতা কৰিলে সতীৰ্থ ক্ৰিকেটাৰ এণ্ডি ফ্লাৱাৰে। অলেঙ্গাৰ এয়াই আছিল চৰম অপৰাধ। মানৱ অধিকাৰ ভংগৰ ক্ষেত্ৰত ৰেকৰ্ড সৃষ্টি কৰা ৰাষ্ট্ৰপতি ৰাবাৰ্ট মুগাম্বেৰ বাবে অলেঙ্গাৰ এই অপৰাধ আছিল অক্ষমনীয়। লগে লগে ৰাষ্ট্ৰপতি ৰবাৰ্টে হেনৰী অলেঙ্গাৰ বিৰুদ্ধে জাৰি কৰিলে ৰাষ্ট্ৰ দ্ৰোহৰ অপৰাধ। অপৰাধৰ শাস্তি মৃত্যু দণ্ড। জাৰি কৰা হ’ল ‘মৃত্যু পৰোৱানা’। অৱশ্যে হেনৰী অলেঙ্গাৰ কপাল ভাল আছিল। সেইবাৰ বিশ্বকাপ প্ৰতিযোগিতাখন তিনিখন দেশে আয়োজন কৰিছিল। কেনিয়া, জিম্বাৱে আৰু দক্ষিণ আফ্ৰিকা। হেনৰী অলেঙ্গাৰ বিৰুদ্ধে মৃত্যু পৰোৱানা জাৰি কৰাৰ সময়ত জিম্বাৱে দলটো আছিল দক্ষিণ আফ্ৰিকাত‌। সেয়ে মৃত্যুৰ পৰা ৰক্ষা পৰিছিল হেনৰী অলেঙ্গা। কিন্তু জিম্বাৱেৰ ৰাষ্ট্ৰপতিৰ হিংসুকতাৰ পৰা ৰক্ষা পৰা নাছিল। ৰাষ্ট্ৰপতি ৰবাৰ্টে দক্ষিণ আফ্ৰিকাত থকা জিম্বাৱেৰ দলীয় মেনেজমেণ্টলৈ নিৰ্দেশ দিলে– গাড়ীৰ পৰা বাহিৰ কৰি দিয়া হ‌ওক হেনৰী অলেঙ্গাক। হোটেলৰ খৰছৰ, গাড়ী ভাড়া একো যাতে দিয়া নহয়। ৰবাৰ্টৰ সেই নিৰ্দেশ আখৰে আখৰে পালন কৰিলে জিম্বাৱেৰ টিম মেনেজমণ্টে। ইংলেণ্ডৰ ৰাজপথত গাড়ীৰ পৰা গতিয়াই বাহিৰ কৰি দিলে হেনৰীক। সম্বল হিচাপে দেহত আছিল কেৱল জিম্বাৱে জাতীয় ক্ৰিকেট দলৰ পোছাক জোৰ।

জিম্বাৱেৰ ৰাষ্ট্ৰপতি ৰবাৰ্ট মুগাম্বে

নিজ দেশৰ ৰাষ্ট্ৰপতিৰ চৰম বৰ্বৰতাৰ বিৰুদ্ধে আৰু জনসাধাৰণৰ ক্ষোভৰ লগত থিয় হোৱাৰ বাবেই হেনৰী অলেঙ্গাক ৰাষ্ট্ৰ দ্ৰোহী ঘোষণা কৰা হ’ল। নিজৰ দেশৰ পৰা বহিষ্কাৰ কৰা হ’ল।

খুব কম সময়তেই বিশ্ব ক্ৰিকেটত নিজৰ এক সুকীয়া আসন সৃষ্টি কৰিবলৈ সক্ষম হোৱা হেনৰী অলেঙ্গাৰ ক্ৰিকেটৰ কেৰিয়াৰ এইদৰেই ধ্বংস হৈ গ’ল। জিম্বাৱে ক্ৰিকেট দলৰ প্ৰথমজন কৃষ্ণাংগ খেলুৱৈও আছিল এইজন অলেঙ্গা। জাতীয় দলটোৰ বাছৰ পৰা অলেঙ্গাক যিদিনা গতিয়াই বাহিৰ কৰি দিয়া হৈছিল সেইদিনাৰ পৰাই জিম্বাৱে ক্ৰিকেটৰ মৃত্যু চাপি আহিছিল। ৰাষ্ট্ৰপতি ৰবাৰ্ট মুগাম্বেই জিম্বাৱে ক্ৰিকেটক লৈ গ’ল ধ্বংসৰ দিশলৈ। এতিয়া আই চি চিয়েও এলাগী কৰিলে জিম্বাৱেক। ইংলেণ্ডৰ ৰাজপথত ৰাষ্ট্ৰহীন হোৱা এইগৰাকী দুৰ্ভগীয়া ক্ৰিকেটাৰক অৱশ্যে ইংলেণ্ডে আশ্ৰয় দিবলৈ কুণ্ঠাবোধ নকৰিলে। আদৰি ল’লে তেওঁলোকৰ মাজৰ এজন হিচাপে।

ইংলেণ্ডত নিজ পত্নীৰ লগত দুৰ্ভগীয়া ক্ৰিকেটাৰ অথচ সুখী হেনৰী অলেঙ্গা
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments